মহানগৰীত অব্যাহত ড্রাগ্ছৰ বেহা
নিয়মীয়া বাৰ্তা, ২৬ মেঃ লকডাউনৰ মাজতো মহানগৰীত অব্যাহত আছে নিষিদ্ধ ড্রাগ্ছৰ বেহা৷ আৰক্ষীৰ চকুত ধূলি দি দুষ্টচক্রই মহানগৰীৰ বিভিন্ন প্রান্তত চলাই আছে অবৈধ ড্রাগ্ছৰ সৰবৰাহ আৰু বিক্রী৷ এইদৰে মহানগৰৰ হাতীগড় চাৰিআলিৰ পৰা ড্রাগ্ছৰ কাৰবাৰ চলাই থকা দুজন লোকক আৰক্ষীয়ে গ্রেপ্তাৰ কৰে৷ গীতানগৰ থানাৰ আৰক্ষীয়ে গ্রেপ্তাৰ কৰা লোক দুজনৰ ভিতৰত আছে এগৰাকী যুৱতী৷ গীতানগৰ আৰক্ষীয়ে জনোৱা মতে ধৃত লোক দুজনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে নিডলছ আৰু কিছু পৰিমাণৰ ড্রাগ্ছ৷ হাতীগড় অঞ্চলত দুই সৰবৰাহকাৰীয়ে দীর্ঘদিন ধৰি চলাই আহিছিল ড্রাগ্ছৰ বেহা৷ স্থানীয় লোকে এই বিষয়ে গীতানগৰ থানাত অভিযোগ দিছিল৷ এই অভিযোগৰ ভিত্তিত গীতানগৰ আৰক্ষীয়ে অভিযান চলাই দুয়োকে হাতীগড়ৰ পৰা গ্রেপ্তাৰ কৰে৷ এই সংক্রান্তত আৰক্ষীয়ে অধিক তথ্য উদ্ঘাটনৰ বাবে দুয়োকে সোধ–পোছ কৰি আছে৷ মহানগৰীত ড্রাগ্ছ সৰবৰাহ আৰু বিক্রীৰ ঘটনাত আন কেইবাজনো লোক জড়িত থকা বুলি আৰক্ষীয়ে সন্দেহ কৰিছে৷ মহানগৰীত নিষিদ্ধ ড্রাগ্ছৰ বেহাত আৰু কোন কোন লোক জড়িত আছে সেই সন্দর্ভত ধৃত লোক দুজনক সোধ–পোছ কৰাৰ পিছত তথ্য লাভ কৰিবলৈ সক্ষম হ’ব বুলি আশা কৰিছে