মহানগৰীত গজৰাজৰ মুক্ত বিচৰণ
নিয়মীয়া বাৰ্তা, ৬ মাৰ্চঃ শুকুৰবাৰে পুৱাই মহানগৰীত দেখা গ’ল এটা বনৰীয়া হাতী । সাতগাঁও বজাৰৰ মাজেৰে পাৰ হৈ যোৱা গজৰাজে অৱশ্যে কাৰো একো ক্ষতি কৰা নাই । গজৰাজক দেখি কোনো কোনোৱে দিছে খাদ্য বস্তু । ৰাজপথৰ মাজেৰে গুৰুগম্ভীৰভাৱে পাৰ হৈ যোৱা গজৰাজক দেখি আতংকিত হোৱাও দেখা নগ’ল কোনো লোককেই ।
সাতগাঁও আমবাৰী অঞ্চলত দীৰ্ঘদিন ধৰি গজৰাজ আতংক অব্যাহত থকাৰ মাজতে শুকুৰবাৰে পুৱাই ৰাজপথত চফৰ কৰা এই গজৰাজৰ বাবে অৱশ্যে ব্যাহত নহ’ল যান-বাহন চলাচল । স্বাভাৱিক অঞ্চলটোত অব্যাহত থাকিল জীৱনযাত্ৰা । উল্লেখ্য যে, আৰ্মী কেম্পৰ পৰা ওলাই অহা হাতীটোৱে কোনো ধৰণৰ অনিষ্ট নকৰাকৈ গমন কৰে নিজ স্থানলৈ ।