নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰীত নির্দেশনা উলংঘাৰে ব্যৱসায়

গুৱাহাটীৰ অলিয়ে–গলিয়ে জনসমাগম

মহানগৰ বার্তা, ২৪ এপ্রিলঃ ক’ৰোনা ভাইৰাছৰ সংক্রমণ ৰোধৰ বাবে দেশজুৰি চলি থকা লকডাউন উলংঘা কৰি একাংশ লোকে মহানগৰীৰ বিভিন্ন স্থানত ব্যৱসায়–বাণিজ্য কৰি আহিছে৷ লকডাউনৰ সামান্য শিথিলতাৰ সুযোগ লৈ নীতি–নির্দেশনা উলংঘাৰ প্রতিযোগিতাত নামিছে একাংশ লোক৷ মহামাৰীৰ ৰূপ লোৱা ক’ৰোনাৰ ভয়াৱহতাক লৈ শংকিত নহৈ একাংশ লোকে মহানগৰীৰ অলিয়ে–গলিয়ে ঘূৰি ফুৰা পৰিলক্ষিত হৈছে ৷

               কেন্দ্রীয় চৰকাৰৰ নির্দেশনা অনুসৰি ৩ মে’লৈকে লকডাউন মানি চলি অনাহকত ৰাজপথলৈ ওলাই নাহিবলৈ আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তই জনসাধাৰণক আহ্বান জনাইছিল৷ মাস্ক পৰিধান নকৰাকৈ ৰাজহুৱা স্থানলৈ ওলোৱাত নিষেধাজ্ঞা জাৰি কৰিছিল৷ কিন্তু একাংশ লোকে এতিয়াও মহানগৰীৰ ৰাজপথত মাস্ক পৰিধান নকৰাকৈ টহল দি থকাৰ লগতে একাংশই বজাৰ–সমাৰ কৰি অহা পৰিলক্ষিত হৈছে৷ গুৱাহাটী মহানগৰীত মাস্ক পৰিধান নকৰাকৈ ঘূৰি ফুৰা শতাধিক লোকৰ বিৰুদ্ধে মহানগৰ আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে৷ গুৱাহাটীৰ উজানবজাৰ, পল্টনবজাৰ, ফাঁচীবজাৰ, মালিগাঁও, আদাবাৰী, জালুকবাৰী, গণেশগুৰি, বামুণীমৈদাম, নুনমাটি, নাৰেংগী, ছয়মাইল, হাতীগাঁৱকে ধৰি বিভিন্ন স্থানত একাংশ লোকে লক ডাউন উলংঘাৰে ব্যৱসায়িক প্রতিষ্ঠান খোলা ৰাখিছে ৷

             লকডাউনৰ সময়ছোৱাত অত্যাৱশ্যকীয় খাদ্য–সামগ্রী, ফলমূল, শাক–পাচলি, মাছ, মাংস, কণীকে ধৰি চর্ত সাপেক্ষে বিভিন্ন ব্যৱসায়িক প্রতিষ্ঠান খোলাৰ নির্দেশ দিছে৷ ইয়াৰে সুযোগ লৈ একাংশ লোকে অনুমতিবিহীনভাৱে লকডাউন উলংঘাৰে ব্যৱসায় চলাই আহিছে৷ মহানগৰীৰ উজানবজাৰ, পল্টনবজাৰ, ৰাজগড়, ৰূপনগৰ, আদাবাৰী, মালিগাঁও আদিকে ধৰি বিভিন্ন স্থানত লক ডাউন উলংঘাৰে একাংশ ব্যৱসায়ীয়ে চাহ–তামোলৰ দোকান খুলিছে৷ ইয়াৰ উপৰি মহানগৰীৰ বিভিন্ন স্থানত অলিয়ে–গলিয়ে নীতি–নির্দেশনা উলংঘাৰে সামাজিক দূৰত্ব বজাই নাৰাখি জনসমাগমৰ সৃষ্টি কৰিছে ৷ ৫জনতকৈ অধিক লোকৰ সমাগমত আৰক্ষী প্রশাসনে নিষেধাজ্ঞা জাৰি কৰাৰ পাছতো লকডাউন শিথিলতাৰ সুযোগ লৈ একাংশ লোকে ক’ৰোনা ভাইৰাছৰ ভয়াৱহতাক ভেঙুচালি কৰি অহা বিষয়টো মহানগৰ আৰক্ষীয়ে কিদৰে গ্রহণ কৰে সেয়া লক্ষণীয় হ’ব৷

You might also like