মহানগৰীত পাঁচ দিনত ৭৯ চিটীবাছ জব্দ–৫.৬০ লাখ টকাৰ জৰিমনা সংগ্রহ
নিয়মীয়া বাৰ্তা ১৯ ফেব্রুৱাৰীঃ গুৱাহাটী উচ্চ ন্যায়ালয়ে শেহতীয়াভাৱে পৰিবহণ বিভাগক গুৱাহাটী মহানগৰীৰ চিটীবাছসমূহৰ একাংশই আইন উলংঘা কৰি ৰাজপথত চলি থকা ঘটনা ৰোধ কৰাৰ বাবে চিটীবাছ চলাচলৰ ব্যৱস্থাটোক এক শৃংখলাবদ্ধ ৰূপ দি তাক যাত্রীৰ অনুকূল কৰিবলৈ এক নির্দেশ জাৰি কৰিছে৷ এই নির্দেশৰ ভিত্তিত ১৩ ফেব্রুৱাৰীৰ পৰা কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কার্যালয়ে মহানগৰীত যান–বাহন আইন উলংঘা কৰি ৰাজপথত চলাচল কৰি থকা চিটীবাছসমূহৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে অভিযান চলাই আছে৷ পৰিবহণ বিভাগৰ সূত্রই সদৰী কৰা অনুসৰি পৰিবহণ আয়ুক্ত আদিল খানৰ নেতৃত্বত কামৰূপ মহানগৰ জিলাৰ যান–বাহন পৰিদর্শক, প্রৱর্তক পৰিদর্শক, সহঃ প্রৱর্তক পৰিদর্শক, প্রৱর্তক চেকাৰৰ উপৰি কাষৰীয়া কামৰূপ, মৰিগাঁও, নগাঁও আৰু শোণিতপুৰ জিলাৰ ৩০গৰাকী প্রৱর্তক পৰিদর্শক, সহঃ প্রৱর্তক পৰিদর্শক আৰু প্রৱর্তক চেকাৰে অভিযানত ভাগ লৈছে৷ ১৩ৰ পৰা ১৭ ফেব্রুৱাৰীলৈ কামৰূপ মহানগৰ জিলাৰ জিলা পৰিবহণ বিষয়াদ্বয় অৰুণ কুমাৰ বৰা আৰু বাপন কলিতাৰ নেতৃত্বত চলোৱা অভিযানত গুৰুতৰভাৱে আইন ভংগ কৰাৰ অপৰাধত পাঁচ দিনত মুঠ ৭৯খন চিটীবাছ জব্দ কৰা হৈছে৷ তেনেদৰে ১৮৫টা গোচৰ ৰুজু কৰাৰ লগতে থিতাতে ৫,৬০,৫০০.০০ টকাৰ জৰিমনা সংগ্রহ কৰা হৈছে৷ উল্লেখ্য যে ৰাজ্যৰ পৰিবহণ আয়ুক্ত আদিল খানে নিজে ৰাজপথত অভিযানৰ তদাৰক কৰাৰ লগতে আইন উলংঘনৰ ঘটনা স্বচক্ষে প্রত্যক্ষ কৰাৰ বাবে যাত্রীৰ ৰূপত আকস্মিকভাৱে চিটীবাছত ভ্রমণ কৰিছে