নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰীত বিহুৰ বজাৰত অভাৱনীয় মূল্যবৃদ্ধি

নিয়মীয়া বাৰ্তা, ১০ জানুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইনবিৰোধী আন্দোলনে মাঘ বিহুৰ উছাহ ম্লান কৰিলেও ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীতো ভোগৰ উৎসৱ ভোগালী বিহুত লগে–ভাগে উৰুকাৰ নিশা এসাঁজ খোৱাৰ বাবে যো–জা চলাইছে মহানগৰবাসীয়ে৷

ঐতিহ্য আৰু পৰম্পৰা ৰক্ষা কৰি ‘কা’ৰ বিৰুদ্ধে নিৰৱচ্ছিন্ন সংগ্রাম চলাই যোৱাৰ সংকল্প লৈ সকলোৱে মাঘ বিহুৰ উৰুকালৈ সাজু হৈছে৷ মহানগৰীৰ বজাৰসমূহো ভোগালীৰ ভোগৰ সামগ্রীৰে ভৰি পৰা পৰিলক্ষিত হৈছে৷ মাঘ বিহু উপলক্ষে মহানগৰীৰ বিভিন্ন স্থানত ভোগালী মেলাৰ আয়োজন কৰিছে৷

গুৱাহাটীৰ লক্ষীধৰ বৰা ক্ষেত্রত আয়োজন কৰা ভোগালী মেলাত গ্রাহকৰ উপস্থিতি সেৰেঙা যদিও বিপণীয়ে বিপণীয়ে ‘কা’ আমি নামানো শীর্ষক ফলক আঁৰি দৈ, ক্রীম, চিৰা, পিঠা–পনা, লাড়ু বিক্রী কৰিছে আত্মসহায়ক গোট আৰু ব্যৱসায়ীসকলে৷ বিগত বর্ষতকৈ এইবাৰ ভোগালীৰ সামগ্রীসমূহৰ দাম স্বাভাৱিকতেই বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷

মহানগৰীৰ বজাৰত এইবাৰ প্রতিকিলো চিৰা ১০০ টকা, কোমল চাউল ১০০ টকা, চুঙা চাউল ১৫০ টকাৰ পৰা ২৫০ টকা, হুৰুম প্রতিকেজিত ৫০০ টকা, দৈ প্রতিকেজিত ১৫০ টকা, ক্রীম প্রতিকিলোত ৫০০ টকা, মুৰি ২০০ টকা, তিলপিঠা, নাৰিকলৰ লাড়ু, মুৰিৰ লাড়ু প্রতি পেকেটত ৫০ টকাকৈ বিক্রী কৰিছে৷ ইয়াৰ উপৰি মাছ–মাংসৰ ব্যৱসায়ীসকলে উৰুকাৰ দিনা বিক্রী কৰিবলৈ অসমৰ বিভিন্ন জিলাৰ পৰা ৰৌ, বৰালি, চিতলকে ধৰি অন্যান্য প্রজাতিৰ মাছ, ছাগলী, হাঁহ, কুকুৰা আদি আনি মজুত কৰি ৰাখিছে৷ বজাৰভেদে বিগত বর্ষৰ তুলনাত এইবাৰ মাছ–মাংসৰ দাম বৃদ্ধি পাব বুলি একাংশ ব্যৱসায়ীয়ে জানিবলৈ দিছে৷

মাঘ বিহুৰ উৰুকাৰ বজাৰত মাছ–মাংসৰ দাম বৃদ্ধিৰে গ্রাহকক ৰামটাঙোন শোধাবলৈ একাংশ অসাধু ব্যৱসায়ীয়ে উঠি–পৰি লাগিছে৷ উৰুকাৰ বজাৰত যাতে অস্বাভাৱিক মূল্যবৃদ্ধি কৰি ব্যৱসায়ীসকলে গ্রাহকক লুণ্ঠন চলাব নোৱাৰে, তাৰ বাবে জিলা প্রশাসন আৰু পৌৰ নিগমে কি ব্যৱস্থা গ্রহণ কৰে সেয়া লক্ষণীয় হ’ব৷

You might also like