নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰীত ১১ মহীয়া শিশুৰ দেহত ক’ৰোনা ভাইৰাছ

নিয়মীয়া বাৰ্তা, ১২জুনঃ মহানগৰীৰ ৰূপনগৰৰ এটি ১১ মহীয়া শিশুৰ দেহত ক’ভিড–১৯। যোৱা ৩ জুনত ৰাজস্থানৰ পৰা আহিছিল মাতৃসহ শিশুটি। ৰাজস্থানৰ পৰা অহাৰ পাছতে মাতৃ আৰু সন্তান হোম কোৱাৰেণ্টাইনত আছিল যদিও এই কথা লুকুৱাই ৰাখিছিল ওচৰ-চুবুৰীয়াৰ পৰা। ৰাজস্থানৰ পৰা আহি নিজৰ ঘৰলৈ নগৈ আত্মীয়ৰ ঘৰত হোম কোৱাৰেণ্টাইনত আছিল দুয়োগৰাকী। উল্লেখনীয় কথাটো হ’ল যে কোৱাৰেণ্টাইনত থাকিও ঘূৰা-ফুৰা কৰিছিল পৰিয়ালটোৰ সদস্যসকলে। আনকি লাচিত নগৰৰ হনুমান মন্দিৰ দৰ্শনৰ বাবেও গৈছিল মাতৃ-সন্তানসহ পৰিয়ালৰ লোক।

তদুপৰি ৰূপনগৰৰ ৰূপালী পথৰ বাসিন্দা এই পৰিয়ালটো থকা  ঘৰটোৰ ওপৰ মহলাত চলি আছিল ছাত্ৰ-ছাত্ৰীৰ টিউচন। এই খবৰে অধিক ভয়াৱহ কৰি তুলিছে ৰাজ্যত কভিডৰ সংক্ৰমণ। শিশুটি আক্ৰান্ত হোৱা পাছতেই কণ্টেইমেণ্ট জন হিচাপে ৰূপনগৰৰ ৰূপালী পথক ঘোষণা কৰিছে প্ৰশাসনে। শহুৰেকৰ স্বাস্থ্যৰ খবৰ ল’বলৈ আহিছিল মহিলাগৰাকী। মাতৃগৰাকীৰ এই পৰ্যন্ত নিগেটিভ যদিও সন্তানসহ চিকিৎসাধীন হৈ আছে।

You might also like