মহানগৰীৰ ক’লৈ গৈছিল, কাৰ কাৰ সংস্পৰ্শলৈ আহিছিল ক’ৰণা আক্ৰান্ত ৰোগীজন?
নিয়মীয়া বাৰ্তা, ৩১ মাৰ্চঃ অসমত ধৰা পৰিল ক’ৰণা আক্ৰান্ত প্ৰথমজন ৰোগী। ৫২ বছৰীয়া লোকজন কৰিমগঞ্জৰ। উল্লেখ্য যে ৬ মাৰ্চত দিল্লীৰ পৰা আহিছিল কৰিমগঞ্জলৈ আহিছিল লোকজন আৰু ১৬ মাৰ্চত গুৱাহাটীৰ হাতীগাঁৱলৈ আহিছিল লোকজন। হাতীগাঁৱত কেইবাদিনো আছিল লোকজন। তাৰ পিছত কৰিমগঞ্জতো বহু লোকক লগ কৰিছিল এই লোকজনে। বৰ্তমান শিলচৰ মেডিকেল কলেজ হাস্পতাল ভৰ্তি হৈ আছে লোকজন। স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰিলে এই কথা।
আনহাতে নিজামুদ্দিনৰ পৰা অহা মৰিগাঁৱৰ ৭জন লোকক কোৱাৰেণ্টাইনত ৰখা হৈছে। মঙলদৈতো ১৭জন লোকক চিকিৎসাৰ ব্যৱস্থা প্ৰশাসনৰ। বৰপেটাতো এজন লোকক কোৱাৰেণ্টাইনত ৰখা হৈছে। অসমলৈ যেন আজিৰ দিনটোত বিভীষিকা নামি আহিল। কি হ’ব অসমৰ ভৱিষ্যত তাকে লৈ এতিয়া সৰ্বত্ৰ চৰ্চা চলিছে। তদুপৰি প্ৰতিক্ষণত ভাৰতত বৃদ্ধি পাইছে ক’ৰণা আক্ৰান্ত ৰোগীৰ সংখ্যা। ২৪ ঘণ্টাত আক্ৰান্ত হৈছে ২১৮জন লোক আৰু মৃত্যু হৈছে ৪জনকৈ লোকৰ। বৰ্তমান ভাৰতত ক’ৰণাত আক্ৰান্তৰ ৰোগীৰ সংখ্যা ১,৫৬৫জন আৰু এই পৰ্যন্ত মৃত্যু হৈছে ৪৭জন লোকৰ।