মহানগৰীৰ দৰিদ্ৰ জনতাক ঘৰে ঘৰে খাদ্যৰ যোগান ধৰিব প্ৰশাসনে
নিয়মীয়া বাৰ্তা, ৩০ মাৰ্চঃ মঙলবাৰৰ পৰা মহানগৰীৰ দৰিদ্ৰ জনতাক এসপ্তাহৰ বাবে ৰেচন যোগান ধৰিব জিলা প্ৰশাসনে। খাদ্যৰ বাবে ঘৰৰ বাহিৰলৈ ওলাই অহাৰ প্ৰয়োজন নাই দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰি থকা লোকসকল। পেকেটত যোগান ধৰা হ’ব খাদ্য। ইতিমধ্যে পেকেটিঙৰ ব্যৱস্থা কৰিছে প্ৰশাসনে। ঘৰে ঘৰে গৈ খাদ্য বিলাব দিন হাজিৰা কৰা লোকসকলক। পৰ্যায়ক্ৰমে দিয়া হ’ব এই এসপ্তাহৰ ৰেচন। লক ডাউনৰ সময়ছোৱাত জীৱিকাৰ পথ নোহোৱা হৈ পৰাৰ বাবেই অসুবিধাৰ সৃষ্টি হৈছে এনে লোকসকল। প্ৰশাসনৰ এই পদক্ষেপে যথেষ্ঠ উপকৃত কৰিব এই লোকসকলক।