নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰীৰ পদপথৰ হোটেল-ৰেষ্টুৰেণ্টত খাদ্যৰ নামত বৰবিহ বিক্রী

খাদ্য সুৰক্ষা বিভাগৰ নির্লিপ্ততাৰ সুযোগ গ্রহণ ব্যৱসায়ীৰ

নিয়মীয়া বাৰ্তা, ২ফেব্ৰুৱাৰীঃ মহানগৰীৰ পদপথত গঢ় লৈ উঠা একাংশ হোটেল–ৰেষ্টুৰেণ্টত খাদ্যৰ নামত খোৱাৰ অনুপযোগী সামগ্রী বিক্রী কৰা পৰিলক্ষিত হৈছে৷ খাদ্য সুৰক্ষা বিভাগৰ নীতি–নিয়ম উলংঘা কৰি ব্যৱসায়িক স্বার্থত পদপথৰ ব্যৱসায়ীসকলে খোৱাৰ অনুপযোগী সামগ্রী বিক্রী কৰি বিভিন্ন ৰোগৰ বীজাণু বিয়পাইছে৷ বিশেষকৈ পাণবজাৰস্থিত কটন বিশ্ববিদ্যালয়ৰ সন্মুখৰ পদপথত গঢ় লৈ উঠা একাংশ ৰেষ্টুৰেণ্টৰ গৰাকীয়ে ফাষ্টফুড তথা অন্যান্য খাদ্য–সামগ্রীৰ নামত বৰবিহ বিক্রী কৰি আহিছে৷ বহিঃৰাজ্যৰ পৰা অহা একাংশ ব্যৱসায়ীয়ে অধিক মুনাফা অর্জনৰ লক্ষ্যৰে খোৱাৰ অনুপযোগী সামগ্রী বিক্রী কৰি আছে যদিও খাদ্য সুৰক্ষা বিভাগে এইক্ষেত্রত চকুমুদা কুলিৰ ভাও লোৱা পৰিলক্ষিত হৈছে৷ আজি এগৰাকী গ্রাহকে পাণবজাৰৰ এখন ৰেষ্টুৰেণ্টত বিৰিয়ানি খাবলৈ যোৱাত এই তথ্য পোহৰলৈ আহিছে৷ প্রাপ্ত তথ্য মতে, আজি দুপৰীয়া প্রণৱজ্যোতি দাস নামৰ এজন লোকে কটনৰ সমীপত থকা এখন ৰেষ্টুৰেণ্টত বিৰিয়ানি খোৱাৰ সময়তে প্লেটত দিয়া মাংস ভেজাল বুলি ধৰা পেলায়৷ সেই ক্ষেত্রত ব্যৱসায়ী ৰফিক আলীক খোৱাৰ অনুপযোগী সামগ্রী বিক্রী কৰাৰ কথা কোৱাত ব্যৱসায়ীজনে তেওঁৰ সৈতে বাক্–বিতণ্ডাত লিপ্ত হয়৷ পাছত ব্যৱসায়ীজনে ঘটনা সন্দর্ভত জিলা উপায়ুক্তৰ লগতে কামৰূপ মহানগৰ জিলা খাদ্য সুৰক্ষা বিভাগক অৱগত কৰি বিহিত ব্যৱস্থা গ্রহণ কৰাৰ বাবে আহ্বান জনায়৷ খাদ্য সুৰক্ষা বিভাগৰ লগতে জিলা উপায়ুক্তই এইক্ষেত্রত বিহিত ব্যৱস্থা গ্রহণ কৰাৰ আশ্বাস দিয়ে৷ উল্লেখ্য যে খাদ্য সুৰক্ষা বিভাগৰ নীতি উলংঘা কৰি একাংশ ব্যৱসায়ীয়ে জধেমধে খাদ্য প্রস্তুত কৰি বিক্রী কৰি আছে৷ বিশেষকৈ ফাঁচীবজাৰ, পাণবজাৰ, পল্টনবজাৰ, গণেশগুৰি, ছয়মাইল, চানমাৰি, জালুকবাৰী আদি অঞ্চলৰ পদপথত গঢ়ি উঠা হোটেল–ৰেষ্টুৰেণ্টত ভেজাল খাদ্য সামগ্রী বিক্রী কৰাৰ অভিযোগ উত্থাপিত হৈছে৷ অস্বাস্থ্যকৰ পৰিৱেশত খাদ্য প্রস্তুত কৰি বিক্রী কৰাৰ বাবে ইতিমধ্যে খাদ্য সুৰক্ষা বিভাগে বহুতো হোটেল–ৰেষ্টুৰেণ্ট বন্ধ কৰি দিয়াৰ উপৰি আন একাংশলৈ জাননী প্রেৰণ কৰিছে৷ ৰে’ল ষ্টেচন, শিক্ষানুষ্ঠান, বাছ আস্থানসমূহৰ সমীপত গঢ়ি উঠা হোটেল, ৰেষ্টুৰেণ্টত খোৱাৰ অনুপযোগী সামগ্রী বিক্রী কৰা পৰিলক্ষিত হৈছে৷ এইক্ষেত্রত জিলা প্রশাসন তথা খাদ্য সুৰক্ষা বিভাগে পৰৱর্তী সময়ত কি ব্যৱস্থা গ্রহণ কৰে সেয়া লক্ষণীয় হ’ব৷