নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰীৰ বজাৰ ভৰিছে তিল পিঠা–নাৰিকলৰ লাড়ু, চিৰা, দৈৰে

নিয়মীয়া বাৰ্তা, ১২ জানুৱাৰীঃ কংক্রিটৰ মহানগৰীতো ভোগালীক আদৰিবলৈ প্রস্তুতি আৰম্ভ হৈছে৷ বিহুলৈ মাজত দুদিন থকাৰ সময়ত মহানগৰীৰ বজাৰত ক্রমশঃ উপলব্ধ হৈছে তিল পিঠাৰ পৰা আৰম্ভ কৰি দৈ–চিৰালৈকে৷

গুৱাহাটীৰ ভিন্ন প্রান্তত তিল পিঠা, নাৰিকলৰ পিঠা, লাড়ু, দৈ–ক্রীম, চিৰা, সান্দহ গুড়ি আদি উপলব্ধ হৈছে৷ গণেশগুৰি, চানমাৰি, ছয়মাইল, মালিগাঁও, কাছাৰী আদিত ভোগালীৰ সামগ্রী ভৰি পৰিছে৷ একেদৰে মহানগৰীৰ কেইবাটাও স্থানত অনুষ্ঠিত হৈছে ভোগালী মেলা৷

মহানগৰীৰ বজাৰত উপলব্ধ হোৱা বিভিন্ন সামগ্রীৰ মূল্য বিগত বর্ষৰ তুলনাত কিছু পৰিমাণে বৃদ্ধি পাইছে বুলি সদৰী কৰিছে ব্যৱসায়ীসকলে৷

গুৱাহাটীত প্রতি কিলোগ্রাম বৰা চাউল আৰু জহা চাউল বিক্রী হৈছে ক্রমে ৬০ আৰু ৮০ টকাত৷ আনহাতে, সোণালী মাটি মাহ বিক্রী হৈছে ১৬০ টকা প্রতি কিলোগ্রামত৷ ভোগালী বিহুত অত্যাৱশ্যকীয় সামগ্রী হিচাপে বিবেচিত তিল প্রতি কিলোগ্রাম বিক্রী হৈছে ২০০ টকাত৷ বিগত বর্ষত প্রতি কিলোগ্রাম তিলৰ মূল্য আছিল ১৮০ টকা৷ আনহাতে, বজাৰত প্রতিযোৰ নাৰিকল বিক্রী হৈছে ১২০ টকাত৷ গোটা মটিমাহ আৰু ফলা মাটি মাহৰ মূল্য হৈছে ক্রমে প্রতি কিলোগ্রামত ১৪০ টকা৷ প্রতি লিটাৰ জুলীয়া গুৰৰ মূল্য হৈছে ১০০ টকা৷ গোটা গুৰৰ মূল্য প্রতি কিলোগ্রামত ৮০ টকা৷ বজাৰত ক’লা চাউলৰ মূল্য হৈছে প্রতি কিলোগ্রামত ১৪০ টকা৷ ইপিনে জহা ধানৰ চিৰাৰ মূল্য প্রতি কিলোগ্রামত ১০০ টকা৷

সমান্তৰালভাৱে মালভোগ আৰু বৰা ধানৰ চিৰাৰ মূল্য হৈছে প্রতি কিলোগ্রামত ৮০ টকা৷ প্রতি কিলোগ্রাম দৈৰ মূল্য হৈছে ২০০ৰ পৰা ২২০ টকা৷ গণেশগুৰিত প্রতি কিলোগ্রাম ক্রীম বিক্রী হৈছে ৭০০ টকাত৷ গুৱাহাটীৰ বজাৰত উপলব্ধ হোৱা তিল পিঠা আৰু নাৰিকল পিঠাৰ মূল্য হৈছে দহখনত ৪০ টকা৷ একেদৰে প্রতি দহখন তেল পিঠাৰ মূল্য ৩০ টকা৷ তিলৰ লাড়ুৰ মূল্য হৈছে ১২০টাত ৩০০ টকা৷ গুড়া সান্দহ বিক্রী হৈছে প্রতি কিলোগ্রামত ৮০ টকা৷ আনহাতে, নাৰিকলৰ লাড়ুৰ ১০টাৰ মূল্য হৈছে ৫০ টকা৷ অৱশ্যে বিগত বর্ষসমূহৰ তুলনাত এইবাৰ মহানগৰীত ভোগালীৰ বিভিন্ন সামগ্রীৰ বজাৰ যথেষ্ট সেমেকা৷

You might also like