মহানগৰীৰ ভূতনাথত ঘৰৰ ছাদ খহি কন্যাশিশুৰ মৃত্যু, আহত ৪
নিয়মীয়া বাৰ্তা, ২৩ জুলাইঃ মাৰাত্মক ক’ৰোনা ভাইৰাছৰ আতংকৰ মাজতে আজি পুৱা গুৱাহাটীৰ ভূতনাথত এক শোকাৱহ ঘটনা সংঘটিত হয়৷ শুই থকা অৱস্থাত ঘৰৰ ছাদ খহি এটি কন্যা শিশুৰ মৃত্যু হোৱাৰ লগতে চাৰিগৰাকী লোক গুৰুতৰভাৱে আহত হয়৷ এই ভয়াৱহ ঘটনাটো সংঘটিত হয় ভূতনাথৰ মূল বজাৰৰ পি এম জি বি ৰোডত থকা অভিযন্তা ড০ ধর্মৰঞ্জন দাসৰ ৩১ নম্বৰ ভাৰাঘৰত৷ আজি পুৱা প্রায় ৪ বজাত উক্ত ঘটনাটো সংঘটিত হয়৷ ঘটনা সন্দর্ভত ভৰলুমুখ আৰক্ষীয়ে জনোৱা মতে, অভিযন্তা ড০ ধর্মৰঞ্জন দাসৰ তিনিমহলীয়া ঘৰৰ প্রথম মহলাত ভাৰাতীয়া হিচাপে আছিল নুৰ ইছলাম (৩৪) নামৰ ব্যৱসায়ীজনৰ পাঁচজনীয়া পৰিয়ালটো৷ আজি পুৱা প্রায় ৪ বজাত ব্যৱসায়ী নুৰ ইছলামৰ পৰিয়ালটো শুই থকা অৱস্থাত ঘৰৰ ছাদ খহি পৰাত ইছলামৰ লগতে পত্নী চাজেদা খাতুন (২৮), পুত্র নুৰুদ্দিন ইছলাম (১২), কন্যা পাৰবিন খাতুন (৫) আৰু আতেমা খাতুন (১.৬) গুৰুতৰভাৱে আহত হয়৷ বাসগৃহটোৰ আন লোকৰ সহযোগত আহত পৰিয়ালটোৰ আটাইকে জি এম চি এইচলৈ নিয়া হয় যদিও হাস্পতাল পোৱাৰ পূর্বে গুৰুতৰভাৱে আহত পাৰবিন খাতুনৰ মৃত্যু হয়৷ হাত–ভৰি, মূৰ, বুকু আদিত আঘাত পোৱা বাকীসকলক জি এম চি এইচত চিকিৎসা প্রদান কৰাৰ পিছত বিয়লি ভাগত আটাইকেইগৰাকীকে ঘৰলৈ যাবলৈ দিয়া হয়৷ এই মর্মান্তিক ঘটনাটো সংঘটিত হোৱাৰ পিছতে অঞ্চলটোত শোকৰ ছাঁ পৰে৷ স্থানীয় লোকে অভিযোগ কৰা মতে, ৪টা পৰিয়াল ভাৰাতীয়া হিচাপে থকা ঘৰটো বসবাসৰ অনুপযোগী হৈ পৰাৰ পিছতো স্বত্বাধিকাৰীয়ে দীর্ঘদিন ধৰি মেৰামতি কৰা নাছিল৷ যাৰ ফলত এই শোকাৱহ ঘটনাটো সংঘটিত হয়৷ উল্লেখ্য যে উক্ত ঘৰটোত স্বত্বাধিকাৰী ড০ ধর্মৰঞ্জন দাস নাথাকে৷ পৰিতাপৰ কথা এই যে গুৱাহাটীত বিপদসংকুলভাৱে ইমান পুৰণি ঘৰ এটা থকাৰ পিছতো সংশ্লিষ্ট বিভাগে এই ক্ষেত্রত প্রয়োজনীয় ব্যৱস্থা কিয় গ্রহণ কৰা নাই বুলি স্থানীয় লোকে প্রশ্ণ উত্থাপন কৰিছে৷