নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মালিকৰ বিৰুদ্ধে শ্রমিকক শোষণৰ অভিযোগ

পানীখাইতীৰ ইটাভাতাৰ শ্রমিকৰ দুর্ভোগ

নিয়মীয়া বার্তা, ১৭ ফেব্রুৱাৰীঃ মহানগৰীৰ সমীপৱর্তী পানীখাইতীৰ ইটাভাতাত শ্রমিকক প্রাপ্য সা–সুবিধাৰ পৰা বঞ্চিত কৰাৰ অভিযোগ উত্থাপিত হৈছে মালিকপক্ষৰ বিৰুদ্ধে৷ উত্থাপিত অভিযোগ অনুসৰি মালিকপক্ষই অধিক মুনাফা লাভৰ উদ্দেশ্যে শ্রমিকসকলক নূ্যনতম সুবিধাৰ ক্ষেত্রত সদায় আওকণীয়া মনোভাব প্রদর্শন কৰে৷ শ্রমিক আইন অনুসৰি শ্রমিকৰ কামত ব্যৱহাৰ কৰাৰ সমান্তৰালকৈ থকাৰ সুবিধাৰ উপৰি শৌচাগাৰ, বিশুদ্ধ পানীৰ ব্যৱস্থা আদি কৰি দিব লাগে৷ কিন্তু মন কৰিবলগীয়া কথাটো হ’ল যে পানীখাইতীৰ ৰাজাবাড়ীত থকা এছ এন সিং (এনচিএফ), বাবলা (কেচিএফ) আৰু জিতু দাস (জিবিআই) নামৰ তিনি মালিকৰ ইটাভাতা তিনিটাত শ্রমিকসকলৰ বাবে বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা আৰু কোনোধৰণৰ বিজ্ঞানসন্মত শৌচাগাৰ নাই৷ ফলত ভাতাৰ মাজতে থকা খালৰ প্রদূষিত পানীকে ব্যৱহাৰ কৰিছে শ্রমিকে৷ প্রাপ্ত তথ্য অনুসৰি শ্রমিকে একেটা খালৰ পানীকে গা ধোৱা, কাপোৰ ধোৱা, বাচন ধোৱা আদি কার্যত ব্যৱহাৰ কৰিছে৷ জানিব পৰা মতে, মেটেকা, পুনিৰে ভৰা সেউজীয়া ৰং ধৰা পানী ব্যৱহাৰ কৰাৰ ফলত ভাতাকেইটাৰ বহু শ্রমিকৰ বিভিন্ন ধৰণৰ চর্মৰোগ হোৱা পৰিলক্ষিত হৈছে৷ একেদৰে খোৱাপানীৰ ক্ষেত্রতো প্রদূষিত পানী ব্যৱহাৰ কৰি আহিছে শ্রমিকসকলে৷ তথ্য অনুসৰি একাধিক কেঁচা কুঁৱাৰ পানী ব্যৱহাৰ কৰি আহিছে শ্রমিকসকলে৷ শ্রমিকসকলে প্রকাশ কৰা অনুসৰি যিহেতু খৰাং বতৰতে ভাতাৰ কাম চলে, সেই সময়তে থকা কুঁৱাকেইটাৰ পানী শুকাই যোৱাৰ ফলত খালৰ পানীয়ে একমাত্র ভৰসা হৈ পৰে৷ একেদৰে পর্যাপ্ত শৌচাগাৰ নির্মাণ কৰি নিদিয়াৰ বাবে বেছিভাগ শ্রমিকে মুকলি স্থানত মলত্যাগ কৰিবলগীয়া হয়৷ ইয়াৰ ফলত অঞ্চলজুৰি দুর্গন্ধময় হৈ পৰে৷ এইক্ষেত্রত নিকটৱর্তী অঞ্চলৰ ৰাইজে বহুবাৰ অভিযোগ কৰে যদিও কোনো গুৰুত্ব প্রদান কৰা নাই স্বত্বাধিকাৰীকেইগৰাক্৷

You might also like