নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুংৰু সাহানীৰ সংস্পর্শলৈ আহি পুনৰ আক্রান্ত ৪

নিয়মীয়া বাৰ্তা, ২৬ মেঃ ৰাজ্যৰ ব্যসায়িক প্রাণকেন্দ্রস্বৰূপ ফাঁচীবজাৰৰ আলু–পিঁয়াজৰ গুদামত কর্মৰত ক’ভিড–১৯ আক্রান্ত শ্রমিক মুংৰু সাহানীৰ সংস্পর্শলৈ আহি আক্রান্ত হোৱা লোকৰ তালিকা দীঘলীয়া হৈ গৈ আছে৷ মুংৰু সাহানীৰ সংস্পর্শলৈ আহি কালিৰ দিনটোত পুনৰ নতুনকৈ ১১ বছৰীয়া এগৰাকী কিশোৰীসহ চাৰিজন লোক ক’ভিড–১৯ত আক্রান্ত হৈছে৷ ইয়াৰে তিনিজন ক্রমে কমলেশ চৌপাল, চনু ৰায় আৰু ছনী কুমাৰী বুলি জানিব পৰা গৈছে৷ ক’ভিড–১৯ত আক্রান্ত হোৱা কিশোৰীগৰাকীক মহেন্দ্র মোহন চৌধুৰী হাস্পতালত ভর্তি কৰোৱা হৈছে৷

আন তিনিজনক কালাপাহাৰস্থিত যক্ষ্মা ৰোগ চিকিৎসালয়ত নিশাই ভর্তি কৰোৱা হয়৷ প্রাপ্ত তথ্য অনুসৰি আটাইকেইজন ভূতনাথৰ বিহাৰপট্টিৰ কনটেইনমেণ্ট জ’নৰ বাসিন্দা৷ ইয়াৰ লগে লগে আলু গুদামৰ পৰা সংক্রমণ হোৱা তালিকাখনো আগন্তুক সময়ত অধিক দীঘলীয়া হোৱাৰ আশংকা কৰা হৈছে৷ মুংৰু সাহানীৰ প্রত্যক্ষ অথবা পৰোক্ষ সম্পর্কলৈ অহা ব্যক্তি এটা নির্দিষ্ট সময়ৰ মূৰে মূৰে ক’ভিড–১৯ত আক্রান্ত হোৱাৰ তথ্য পোহৰলৈ আহিছে৷ যোৱা ১২ মে’ত ফাঁচীবজাৰৰ ৰাজকমল হোটেলৰ তলত থকা আলু–পিঁয়াজৰ গুদামত কর্মৰত মুংৰু সাহানী ক’ৰোনা আক্রান্ত হোৱা বুলি ধৰা পৰিছিল৷ ইয়াৰ পাছত ফাঁচীবজাৰৰ উক্ত অঞ্চলটো ছীল কৰি দিয়াৰ লগতে তেওঁৰ সংস্পর্শলৈ অহা ব্যক্তিৰ ছোৱাবৰ নমুনা পৰীক্ষা কৰা হয়৷

পৰৱর্তী সময়ত মুংৰুৰ সৈতে কাম কৰা ৮জন শ্রমিকসহ ১৫জন লোক আক্রান্ত হয়৷ ইয়াৰ ভিতৰত আছিল এজন নাপিতো৷ পৰৱর্তী সময়ত আলু গুদামটোৰ মালিক আৰু মেনেজাৰ ক’ভিড–১৯ত আক্রান্ত হয়৷ ফলত তেওঁলোকে বাস কৰা ভূতনাথ বিহাৰপট্টি এলেকাক কনটেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰা হয়৷ একেদৰে মুংৰু সাহানীৰ সংস্পর্শলৈ অহা এগৰাকী ব্যক্তি আৰু তেওঁৰ কন্যাও ১৮ মে’ত ক’ৰোনাত আক্রান্ত হৈছিল৷ ইয়াৰ ছয় দিন পাছত কালি মুংৰুৰ সংস্পর্শলৈ অহা চাৰিজন পুনৰ ক’ৰোনাত আক্রান্ত হোৱাটো নিশ্চিত হয়৷

ইয়াৰ ফলত পৰৱর্তী সময়তো গুৱাহাটীৰ বিহাৰপট্টিৰ অধিক লোক আক্রান্ত হোৱাৰ সম্ভাৱনা প্রকট হৈ পৰিছে৷ স্বাস্থ্য বিভাগে বিহাৰপট্টিটোত বাস কৰা কেইবাশ লোকৰ ছোৱাবৰ নমুনা সংগ্রহ কৰিছে৷ উল্লেখ্য যে বহিঃৰাজ্যৰ পৰা আহি কোৱাৰেণ্টাইনত থকাসকলৰ মাজৰ পৰা ক’ভিড আক্রান্ত হোৱাৰ খবৰতকৈ মুংৰু সাহানীৰ সংস্পর্শলৈ আহি ক’ৰোনাত আক্রান্ত হোৱা লোকৰ সংখ্যাধিক্যই অধিক উদ্বিগ্ণ কৰি তুলিছে স্বাস্থ্য বিভাগক৷

কিয়নো মুংৰু সাহানীৰ ক’ৰোনাৰ সংক্রমণৰ উৎস আজিপর্যন্ত পোহৰলৈ অহা নাই৷ সমান্তৰালভাৱে হটস্পট হিচাপে বিবেচিত হোৱা ভূতনাথৰ বিহাৰপট্টিক লৈও জিলা প্রশাসনৰ হাহাকাৰ সৃষ্টি হৈছে৷ কিয়নো উক্ত অঞ্চলটোৰ জনবসতি অত্যন্ত ঘন৷ আনকি ৩১টা পৰিয়ালে এটা বাথৰূম ব্যৱহাৰ কৰাৰ তথ্যও লাভ কৰিছে জিলা প্রশাসনে৷

ইয়াৰ পৰিপ্রেক্ষিতত অঞ্চলটোত ক’ৰোনাৰ দ্রুত সংক্রমণৰ আশংকা কৰা হৈছে৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে শেহতীয়াকৈ ধৰা পৰা ক’ভিড–১৯ ৰোগীৰ অধিকাংশই বহিঃৰাজ্যৰ পৰা অহা৷ যাৰ বাবে ৰাজ্যবাসীৰ লগতে গুৱাহাটীৰ লোকসকলে কিছু পৰিমাণে সুৰক্ষিত অনুভৱ কৰিছে৷ কিন্তু ইয়াৰ মাজতে মুংৰু সাহানীৰ উপৰি বৰদা দাস নামৰ মহিলাগৰাকী আক্রান্ত হোৱা ঘটনাই এক অশনি সংকেত প্রেৰণ কৰিছে৷ চিনাক্ত নোহোৱা ক’ৰোনা আক্রান্ত ব্যক্তি মহানগৰীত ঘূৰি ফুৰা বুলি খোদ স্বাস্থ্য বিভাগে আশংকা প্রকাশ কৰিছিল৷ সেয়েহে মহানগৰবাসী অধিক সতর্ক, সজাগ আৰু সাৱধান নহ’লে পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰাত কোনেও বাধা দিব নোৱাৰিব৷

You might also like