মোদীৰে ভিডিঅ’ কনফাৰেন্সিং গুৱাহাটীৰ বেলতলাৰ জনঔষধি কেন্দ্রৰ হিতাধিকাৰীৰ
নিয়মীয়া বাৰ্তা, ৮মার্চঃ প্রধানমন্ত্রী জনঔষধি যোজনাৰ জৰিয়তে দেশবাসীক উপকৃত কৰাৰ লক্ষ্যৰে জনঔষধি দিৱস উদযাপন কৰা হয়৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে দেশৰ সাতটা জনঔষধি কেন্দ্রৰ হিতাধিকাৰীৰ সৈতে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে বার্তালাপ কৰে ৷ এই সাতটা কেন্দ্রৰ ভিতৰত অন্তর্ভুক্ত হোৱা গুৱাহাটীৰ বেলতলাৰ জনঔষধি কেন্দ্রৰ হিতাধিকাৰীসকলৰ সৈতেও প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে বার্তালাপ কৰে৷ বেলতলাৰ কালীৰাম মেধি ভৱনত অনুষ্ঠিত এই ভিডিঅ’ কনফাৰেন্সিঙত কেন্দ্রীয় খাদ্য প্রসংস্কৰণ ৰাজ্যমন্ত্রী ৰামেশ্বৰ তেলী, বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস, সাংগঠনিক সাধাৰণ সম্পাদক খনীন্দ্রনাথ শর্মা, গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা, দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাৰ লগতে বিজেপিৰ কর্মকর্তা আৰু প্রধানমন্ত্রী জনঔষধি আঁচনিৰ জৰিয়তে উপকৃত হোৱা হিতাধিকাৰীসকল উপস্থিত থাকে ৷ উল্লেখ্য যে প্রধানমন্ত্রী জনঔষধি যোজনাৰ জৰিয়তে দেশৰ ৭০০খন জিলাত ৬,২০০টা জনঔষধি কেন্দ্র আছে৷ ২০১৯–২০ বিত্তীয় বর্ষত এই কেন্দ্রসমূহত ৩৯০ কোটি টকাৰ ব্যৱসায় কৰিবলৈ সক্ষম হৈছে৷ এই যোজনাৰ অধীনত জনসাধাৰণৰ ২,২০০ কোটি টকা ৰাহি হৈছে৷ জনঔষধি দিৱস উপলক্ষে দেশৰ ৭টা কেন্দ্রৰ ভিতৰত গুৱাহাটী কেন্দ্রটো ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে নির্বাচিত হোৱাত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে সন্তোষ প্রকাশ কৰে৷