মৰগীয়া বানচৰ দাবীত প্রধানমন্ত্রীলৈ ৰে’লকর্মীৰ ই–মেইল–পোষ্টকার্ড প্রেৰণ
নিয়মীয়া বার্তা, ৪ জুনঃ ভাৰতীয় ৰে’লৱেৰ শ্রমিক–কর্মচাৰীসকল ন্যায্যপ্রাপ্তিৰ হকে মাত মাতি মহা অগ্রণী ট্রেড ইউনিয়ন নেচনেল ফেডাৰেচন অৱ ইণ্ডিয়ান ৰে’লৱে মেনছ চমুকৈ এন এফ আই আৰ–এ শেহতীয়াকৈ ক’ভিড–১৯ৰ গইনা লৈ শ্রমিক–কর্মচাৰীসকল প্রাপ্য মৰগীয়া ভাট্টা (ডিএ) কেন্দ্রীয় চৰকাৰে চলিত বর্ষৰ পহিলা জানুৱাৰীৰ পৰা অহা ২০২১ বর্ষৰ ৩০ জুন পর্যন্ত বন্ধ ৰখা হ’ব বুলি কৰা ঘোষণাৰ তীব্র বিৰোধিতা কৰিছে৷
আনহাতে, এন এফ আই আৰৰ আহ্বানমর্মে দেশৰ আন ৰে’ল মণ্ডলৰ লগতে উত্তৰ–পূব সীমান্ত ৰে’লৱেতো শ্রমিক–কর্মচাৰীসকল সংগঠন এন এফ ৰে’লৱে এমপ্লয়ীজ ইউনিয়নৰ উদ্যোগত ১ জুনৰ পৰা হাজাৰ হাজাৰ ৰে’লকর্মীয়ে ডি এ বন্ধ ৰখাৰ ঘোষণা প্রত্যাহাৰৰ দাবী জনাই দেশৰ প্রধানমন্ত্রীলৈ পোষ্টকার্ড প্রেৰণ কৰিছে৷ অহা ৭ জুন পর্যন্ত পোষ্টকার্ড প্রেৰণৰ প্রক্রিয়া অব্যাহত থাকিব৷ আনহাতে, এন এফ ৰে’লৱে এমপ্লয়ীজ ইউনিয়নৰ কেন্দ্রীয় সাধাৰণ সম্পাদক মুনীন্দ্র শইকীয়াই জানিবলৈ দিয়া মতে ইয়াৰ পূর্বে মে’ মাহৰ শেষৰ সপ্তাহত চাৰি শতাংশ ডি এ বন্ধ ৰখাৰ ঘোষণা প্রত্যাহাৰৰ দাবীত উত্তৰ–পূব সীমান্ত ৰে’লৱেৰ পাঁচোটা সংমণ্ডলৰ ৫০ হাজাৰৰো অধিক কর্মচাৰীয়ে প্রধানমন্ত্রীলৈ ই–মেইল প্রেৰণ কৰিছিল৷
অৱশ্যে সামাজিক দূৰত্ব বজাই ৰখা আৰু ক’ভিড–১৯ক কেন্দ্র কৰি চলি থকা পৰিস্থিতিৰ বাবে শ্রমিক–কর্মচাৰীসকল পূর্বৰ দৰে প্রতিবাদী কার্যসূচী গ্রহণৰ পৰা বিৰত আছে বুলি মুনীন্দ্র শইকীয়াই জানিবলৈ দিছে৷