নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লকডাউনৰ মাজতো মহানগৰীত মাৰাত্মক নিচাযুক্ত দ্রব্যৰ বেহা

নিয়মীয়া বাৰ্তা, ২১ জুলাইঃ লকডাউনৰ মাজতো মহানগৰীত অব্যাহত মাৰাত্মক ড্রাগ্ছৰ অবৈধ বেহা৷ আৰক্ষীৰ চকুত ধূলি দি দীর্ঘদিন ধৰি নিষিদ্ধ ড্রাগ্ছৰ ক’লা বেহা চলাই আহিছিল দুর্ধর্ষ ড্রাগ্ছ মাফিয়াই৷ গোপন সূত্রে লাভ কৰা খবৰৰ ভিত্তিত এ চি পি জ্যোতিপ্রসাদ পেগুৰ নেতৃত্বত আৰক্ষীৰ এটা দলে আজি মহানগৰীৰ গাড়ীগাঁৱত অভিযান চলাই বুজন পৰিমাণৰ ড্রাগ্ছসহ দুই ড্রাগ্ছ মাফিয়াক গ্রেপ্তাৰ কৰে৷

জালুকবাৰী আৰক্ষী সূত্রই জনোৱা মতে, ড্রাগছবিৰোধী অভিযানকাৰী আৰক্ষীৰ দলটোৱে গাড়ীগাঁৱত অভিযান চলাই ১০০টা ড্রাগ্ছভর্তি কণ্টেইনাৰ, ১০,৮০০ টকা, ২টা ম’বাইল ফোন আৰু এখন চাকুৰ লগতে কিছু আপত্তিজনক সামগ্রী জব্দ কৰে৷ আৰক্ষীৰ দলটোৱে এই সামগ্রীসমূহ জব্দ কৰাৰ লগতে ফাৰুক আহমেদ ওৰফে মুগলি আৰু বিলাল হুছেইনক গ্রেপ্তাৰ কৰে৷ জালুকবাৰী আৰক্ষীয়ে লগতে জনোৱা মতে, ধৃত মুগলিয়ে মহানগৰীৰ বিভিন্ন স্থানত ড্রাগ্ছ বিক্রী কৰি একাংশ নির্দিষ্ট যুৱকক বিপথে পৰিচালিত কৰি আহিছিল৷ মুগলিয়ে নিয়মীয়াকৈ ড্রাগ্ছ যোগান ধৰি অহাৰ বাবেই মহানগৰীৰ একাংশ সম্ভ্রান্ত পৰিয়ালৰ যুৱক ড্রাগ্ছ আসক্ত হৈ পৰে৷ আৰক্ষীয়ে ঘটনা সন্দর্ভত এক গোচৰ ৰুজু কৰি তদন্ত আগবঢ়াইছে৷

You might also like