লকডাউন শিথিলতাঃ খাদ্য–সামগ্রী ক্রয় কৰিবলৈ দোকানে–বজাৰে গ্রাহকৰ ভিৰ
নিয়মীয়া বাৰ্তা, ৭ জুলাই: ৰাজধানী চহৰ গুৱাহাটীত সামাজিক সংক্রমণে ভয়াৱহ ৰূপ লোৱাৰ সময়তে আজি মহানগৰীত দেখা গ’ল ভয়াৱহ দৃশ্য৷ মহানগৰীত অব্যাহত থকা লকডাউনত সামান্য শিথিলতাৰ সুযোগ লৈয়ে সোমবাৰে ভিন্ন প্রান্তত খাদ্য–সামগ্রী ক্রয়ৰ নামত ব্যাপক ভিৰ পৰিলক্ষিত হ’ল৷
উল্লেখ্য যে লকডাউনত ৭ দিনৰ পাছতে আজি অত্যাৱশ্যকীয় সামগ্রী ক্রয়ৰ বাবে গেলামাল দোকানসমূহ খুলি দিয়া হৈছে৷ মুখ্যতঃ ইয়াকে লৈ সামগ্রী ক্রয়ৰ নামত গুৱাহাটীৰ চৌদিশে সৃষ্টি হ’ল এক অৰাজক পৰিৱেশ৷ লকডাউন শিথিলৰ প্রথম দিনটোতে একাংশ লোকে সকলো নীতি–নিয়ম ধূলিসাৎ কৰি খাদ্য–সামগ্রী ক্রয়ৰ নামত সৃষ্টি কৰা পৰিৱেশে গুৱাহাটীৰ অৱস্থা অধিক ভয়াৱহ কৰি তুলিলে৷ সামাজিক দূৰত্ব চূড়ান্তভাৱে উলংঘা কৰি অত্যাৱশ্যকীয় সামগ্রীৰ লগতে কেঁচা শাক–পাচলি ক্রয়ৰ নামত গুৱাহাটীৰ ব্যস্ততাপূর্ণ অঞ্চলত ৰাইজৰ হেতা–ওপৰা পৰিলক্ষিত হ’ল৷ গণেশগুৰি, কছাৰীবস্তি, লখৰা, গড়চুক আদি অঞ্চলত কেঁচা শাক–পাচলি ক্রয়ৰ বাবে ৰাইজে সৃষ্টি কৰা পৰিস্থিতিয়ে স্বাস্থ্য বিভাগৰ চকু কপালত তুলিছে৷
মন কৰিবলগীয়া যে প্রতিদিনে গুৱাহাটীত আক্রান্তৰ সংখ্যা অভাৱনীয় হাৰত বৃদ্ধি পাই আহিছে৷ এনে অৱস্থাৰ পৰিপ্রেক্ষিতত জিলা প্রশাসনৰ লগতে স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ৰাইজক অতি সাৱধান হ’বলৈ আহ্বান জনাই আহিছে৷ বিশেষকৈ লকডাউনৰ শিথিলতাৰ নামত বজাৰ–সমাৰত অযথা ভিৰ নকৰিবলৈ আহ্বান জনোৱাৰ লগতে সামগ্রী ক্রয়ৰ ক্ষেত্রতো দূৰত্ব বজাই ৰাখিবলৈ আহ্বান জনাইছে৷ গুৱাহাটীৰ পৰিস্থিতি জটিল হৈ পৰাৰ পাছতো লকডাউন শিথিলৰ প্রথম দিনটোতে একাংশ লোকে খাদ্য–সামগ্রী ক্রয়ৰ নামত যি পৰিৱেশ সৃষ্টি কৰিলে, তাক লৈ সৃষ্টি হৈছে তীব্র প্রতিক্রিয়া৷ ইফালে বিষয়টোক কেন্দ্র কৰি জিলা প্রশাসন আৰু আৰক্ষীয়ে গুৱাহাটীৰ ভিন্ন প্রান্তত দোকান বন্ধ কৰি দিয়াৰ বাবে নির্দেশ দিব লগা হয়৷ আনকি পাচলি বিক্রীৰ বাবে ওলাই অহা বহু বিক্রেতাক ওভতাই পঠিয়াবলৈ বাধ্য হয়৷ মন কৰিবলগীয়া যে লকডাউনৰ এই সময়ছোৱাত শাক–পাচলি অথবা ফলমূল গুৱাহাটীবাসীৰ ঘৰে ঘৰে যোগান ধৰাৰ বাবে জিলা প্রশাসনে ব্যৱস্থা গ্রহণৰ কথা ঘোষণা কৰিছিল৷ কিন্তু কালি গুৱাহাটীৰ বাহিৰৰ পৰা অহা পাচলিভর্তি গাড়ীসমূহ শৰাইঘাট দলঙৰ সমীপত আৰক্ষীয়ে দীর্ঘসময় বন্ধ কৰি ৰখাৰ ফলত গুৱাহাটীৰ একাংশ ক্ষুদ্র পাচলি বিক্রেতাই অত্যধিক দামত পাচলি বিক্রী কৰি পৰিস্থিতি যথেষ্ট জটিল কৰি তোলে৷
সাধাৰণ ৰাইজে পর্যাপ্ত পাচলি নাপাই বিক্রী কৰিবলৈ অহা ক্ষুদ্র ব্যৱসায়ীসকলৰ পাচলিৰ ওপৰত হেতা–ওপৰা লগায়৷ অৱশ্যে আজিৰ পৰিস্থিতিৰ পৰিপ্রেক্ষিতত কাইলৈৰ পৰা জিলা প্রশাসনে অকলশৰীয়াকৈ থকা গেলামালৰ দোকান খোলাৰ ক্ষেত্রতহে বিশেষ অনুমতি প্রদান কৰিছে৷ গুৱাহাটীত আজি সৃষ্টি হোৱা এনে পৰিস্থিতি সন্দর্ভত স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সাধাৰণ ৰাইজক অযথা ভিৰ নকৰিবলৈ পুনৰ আহ্বান জনাইছে৷ এই সন্দর্ভত মন্ত্রীগৰাকীয়ে কয়– চৰকাৰে ইতিমধ্যে আৰক্ষীক সাধাৰণ ৰাইজক বুজাবলৈ পৰামর্শ দিছে৷ যাতে ৰাইজ পুৰণি দিনলৈ পুনৰ ঘূৰি নাযায়৷ লকডাউনৰ পূর্বৰ পৰিৱেশ সৃষ্টি কৰিলে গুৱাহাটীত অৱস্থা অধিক ভয়াৱহ হৈ পৰিব৷ এইক্ষেত্রত ৰাইজক সজাগ আৰু সচেতন হ’বলৈ মন্ত্রীগৰাকীয়ে আহ্বান জনায়৷