নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লক ডাউন ভংগকাৰীৰ বিৰুদ্ধে WHATSAPP যোগে খবৰ দিয়ক আৰক্ষীক

নিয়মীয়া বাৰ্তা, ২ জুলাইঃ দৈনিক ক’ৰোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱা পৰিপ্ৰেক্ষিতত মহানগৰীত সৰ্বাত্মক লক ডাউন। গুৱাহাটীবাসীয়ে লক ডাউন মানি চলাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই ক্ষেত্ৰত একাংশ লোক লক ডাউন ভংগ কৰিছে আৰু মহানগৰ প্ৰশাসনে মুকলি কৰিছে ৱাটছ এপ নম্বৰ।

পূৰ্বতকৈ কঠোৰ হৈছে প্ৰশাসন। আৰক্ষীয়ে প্ৰকাশ কৰা নম্বৰকেইটা হৈছে– 6026900970, 6026900971, 6026900972 and 6026900973.

আনহাতে @assampolice @GuwahatiPol and @GhtyTrafficPol যোগে টুইট কৰিও দিব পাৰিব অভিযোগ।

বৰ্তমানলৈ মহানগৰীত ১৪০০ৰো অধিক লোক আক্ৰান্ত হৈছে। তেনেস্থলত কৰোনাক প্ৰতিহত কৰিবলৈ সাজু হৈ প্ৰশাসন।

You might also like