নিয়মীয়া বাৰ্তা, ৫ ফেব্ৰুৱাৰীঃ মহানগৰীৰ সোণাপুৰৰ ক্ষেত্ৰীত বাছ দুৰ্ঘটনা। ক্ষেত্ৰীৰ সমীপৰ বামফৰত দুৰ্ঘটনাত পতিত হয় শংকৰ সংঘৰ অধিৱেশনলৈ যোৱা এখন যাত্ৰীবাহী বাছ। জানিব পৰা মতে যাত্ৰীবাহী বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই মহতিয়াই নিয়ে এখন মটৰ চাইকেলক আৰু তাৰপাছত খুন্দা মাৰে পথৰ কাষৰ এডাল গছত।
দুৰ্ঘটনাটোত থিতাতে নিহত হয় বাইক আৰোহী কমল বড়ো নামৰ এজন লোক ।আনহাতে গুৰুতৰভাৱে আহত কমল বড়োৰ পত্নী প্ৰিয়ংকা বড়ো। সংকটজনক অৱস্থাত প্ৰিয়ংকা বড়োক ভৰ্তি কৰোৱা হয় GMCH। আনহাতে কম-বেছি পৰিমানে আহত হোৱা বাছখন যাত্ৰীসকলকো ভৰ্তি কৰোৱা হৈছে GMCHত।