নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত লোকবোধ্য বিজ্ঞান লেখনৰ কৰ্মশালা

নিয়মীয়া বাৰ্তা, ৫ ফেব্ৰুৱাৰীঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আভ্যন্তৰীণ মান নিশ্চিত কোষৰ উদ্যোগত আৰু অসম বিজ্ঞান লেখক সংস্থাৰ সহযোগত এখন লোকবোধ্য বিজ্ঞান লেখনৰ কৰ্মশালা আয়োজন কৰা হৈছে । বিশ্ববিদ্যালয়খনত অহা ২০ ফেব্ৰুৱাৰী তাৰিখে অনুষ্ঠিত কৰিবলৈ লোৱা উক্ত কৰ্মশালাত সমল ব্যক্তিৰূপে উপস্থিত থাকিব ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত বিজ্ঞান লেখক ড° দীনেশ চন্দ্ৰ গোস্বামী আৰু ড° অমিয়া ৰাজবংশী । উল্লেখযোগ্য যে, আভ্যন্তৰীণ মান নিশ্চিত কোষৰ সদস্য তথা বিশ্ববিদ্যালয়ৰ পদাৰ্থবিজ্ঞান বিভাগৰ অধ্যাপক বিশিষ্ট বিজ্ঞান লেখক ড° কল্যাণ ভূঞাই কোষৰ ফালৰ পৰা বিদ্যায়তনিক প্ৰসাৰণ কাৰ্যসূচীৰ অংশ হিচাপে এই কৰ্মশালা অনুষ্ঠিত কৰা হ’ব বুলি জানিবলৈ দিছে । লগতে তেওঁ জানিবলৈ দিয়া মতে কৰ্মশালাত সৰ্বাধিক ৫০ জন প্ৰশিক্ষাৰ্থীয়েহে অংশ ল’ব পাৰিব । ইফালে অংশগ্ৰহণকাৰী সকলোকে একোখনকৈ মান পত্ৰ প্ৰদান কৰাৰো ব্যৱস্থা কৰিছে আয়োজক সমিতিয়ে । কৰ্মশালাখনত অংশ গ্ৰহণৰ বাবে ইচ্ছুকসকলে অধ্যাপক কল্যাণ ভূঞাৰ সৈতে ৯৯৫৪৪৮০০৬৪ নম্বৰত হোৱাটছএপ যোগে নাইবা [email protected] ত ইমেইলযোগে যোগাযোগ কৰি সৱিশেষ জানিব পাৰিব ।

You might also like