নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিলসাঁকো বিলত বেদখলক লৈ উত্তপ্ত পৰিস্থিতি

জলাশয় পুতি গৃহ নির্মাণৰ প্রস্তুতি চলোৱা দলক ৰাইজৰ বাধা

নিয়মীয়া বাৰ্তা,২ ডিচেম্বৰঃ আৰক্ষী–প্রশাসনৰ নির্লিপ্ততাৰ সুযোগ গ্রহণ কৰি বিভিন্ন কৌশলেৰে একাংশ অসাধু লোকে গৃহ নির্মাণ কৰি মহানগৰীৰ জলাশয় সংকুচিত কৰি অহাৰ সময়তে দেওবাৰে শিলসাঁকো বিলত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ প্রাকৃতিক ভাৰসাম্য আৰু পাৰিপার্শ্বিকতাৰ প্রতি লক্ষ্য ৰাখি জিলা প্রশাসনে জলাশয় তথা শিলসাঁকো বিলত গৃহ নির্মাণৰ ক্ষেত্রত নিষেধাজ্ঞা জাৰি কৰিছে যদিও প্রশাসনৰ নির্দেশলৈ বুঢ়া আঙুলি দেখুৱাই অসাধু চক্রই বিলৰ ভূমি বেদখল কৰা পৰিলক্ষিত হৈছে ৷ একাংশ পুঁজিপতিয়ে বিলৰ ভূমিত আকাশলংঘী অট্টালিকা নির্মাণ কৰাৰ লগতে অসাধু চক্রই শিলসাঁকোত অবাধ বেদখল চলোৱাক লৈ স্থানীয় লোকৰ মাজত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ প্রাপ্ত খবৰ মতে আজি পুৱাৰ ভাগত মহিলাৰ নেতৃত্বত এটা দলে শিলসাঁকো বিলৰ জলাশয় পুতি গৃহ নির্মাণৰ প্রস্তুতি চলায়৷ এই কথা জানিব পাৰি সমাজকর্মী ধর্ম ডেকাৰ নেতৃত্বত স্থানীয় লোক ঘটনাস্থলীত উপস্থিত হয়৷ স্থানীয় লোকে জলাশয় পুতি থকা চক্রটোক বাধা আৰোপ কৰাত ঘটনাস্থলীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ এঘণ্টাৰো অধিক সময় দুয়ো পক্ষৰ মাজত বিষয়টো লৈ তীব্র বাক্–বিতণ্ডাৰ সৃষ্টি হোৱাৰ মাজতে ৰাইজে আৰক্ষীক খবৰ দিয়ে৷ ৰাইজৰ খবৰ পোৱা মাত্রেই নুনমাটি থানাৰ ভাৰপ্রাপ্ত বিষয়া ৰাজীৱ বৰুৱাৰ নেতৃত্বত আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্রণ কৰে৷ ৰাইজৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে মহিলাৰ নেতৃত্বত যোৱা দলটোক সাময়িকভাৱে জলাশয় পোতাৰ কাম স্থগিত ৰাখিবলৈ নির্দেশ দিয়ে৷ পিছত উত্তেজিত ৰাইজে ঘটনাস্থলীৰ পৰা জলাশয় পুতিবলৈ যোৱা দলটোক শিলসাঁকো বিলৰ পৰা খেদি পঠিয়াবলৈ সক্ষম হয়৷ তদুপৰি স্থানীয় ৰাইজৰ প্রবল দাবীত সমাজকর্মী ডেকাই এইক্ষেত্রত বিহিত ব্যৱস্থা গ্রহণ কৰিবলৈ কামৰূপ (ম) জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুক আহ্বান জনাইছে৷ উল্লেখ্য যে ‘নিয়মীয়া বার্তা’ কাকতৰ মুখ্য সম্পাদক তথা বিশিষ্ট সাহিত্যিক কথাশিল্পী হোমেন বৰগোহাঞিয়ে শিলসাঁকো বিল সংৰক্ষণ কৰিবলৈ যোৱা ২০১১ চনত গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বার্থজড়িত আবেদন জনাইছিল৷ বিশিষ্ট সাহিত্যিকগৰাকীৰ আবেদনৰ ভিত্তিত ন্যায়ালয়ত ৰুজু হোৱা গোচৰটো সম্প্রতি বিচাৰাধীন হৈ আছে৷ আনহাতে, মহিলাৰ নেতৃত্বত জলাশয় পুতিবলৈ যোৱা দলটোৱে ভূমি ক্রয় কৰা বুলি সংবাদ মাধ্যমক জানিবলৈ দিছে৷ ৰাইজে ঘটনাস্থলীতে সমাজকর্মী ধর্ম ডেকাক সভাপতি হিচাপে লৈ শিলসাঁকো সংৰক্ষণ উন্নয়ন সমিতি গঠন কৰি জলাশয়ৰ ভূমি সংৰক্ষণ কৰিবলৈ জিলা উপায়ুক্তক শীঘ্রে স্মাৰক–পত্র প্রদান কৰাৰ সিদ্ধান্ত গ্রহণ কৰে ৷

You might also like