শিৱৰাত্রিত মহাদেৱৰ আৰাধনাৰে মুখৰ মহানগৰী
নিয়মীয়া বার্তা, ২২ ফেব্রুৱাৰীঃ শুকুৰবাবে শিৱৰাত্রি পূজা৷ সমগ্র দেশৰ লগতে অসম তথা গুৱাহাটী মহানগৰীতো পুৱাৰে পৰা আৰম্ভ হৈছে পূজা–র্চনা৷ মহানগৰীৰ উমানন্দ মন্দিৰকে ধৰি সকলো মন্দিৰ আৰু দেৱালয়সমূহত পুৱাৰে পৰা ভক্তসকলে ভিৰ কৰা পৰিলক্ষিত হয়৷ বিশেষকৈ উমানন্দৰ মহাভৈৰৱ মন্দিৰত শুকুৰবাৰে পুৱাৰে পৰা শ শ ভক্তই উপস্থিত হৈ পূজা–র্চনা কৰাৰ লগতে শিৱলিংগত গাখীৰ ঢ়ালি আৰাধনা কৰে৷ লগ্ণ অনুসৰি সন্ধিয়া ৫.৪০ বজাৰ পৰা মহাশিৱৰাত্রি পূজা আৰম্ভ হয় যদিও ৰাজ্যৰ বিভিন্ন প্রান্তৰ ভক্তসকলে শুকুৰবাৰে পুৱাৰে পৰা উমানন্দৰ ঐতিহাসিক মহাভৈৰৱ মন্দিৰত উপস্থিত হৈ পূজা–র্চনা কৰে৷ মহাভৈৰৱ মন্দিৰত পুৱাৰে পৰা ভক্তৰ লানি নিছিগা শাৰী পৰিলক্ষিত হয়৷ ইপিনে, মহাশিৱৰাত্রি উপলক্ষে শুক্রেশ্বৰ দেৱালয়, নৱগ্রহ মন্দিৰ, উলুবাৰী মহাদেৱ মন্দিৰ, তেতেলীয়াৰ সোমনাথ মন্দিৰ আৰু গণেশ মন্দিৰকে ধৰি মহানগৰীৰ সকলো মন্দিৰতে ভক্তই পূজা–র্চনা কৰে৷ আনহাতে, প্রতিবছৰৰ দৰে এইবেলিও মহানগৰীৰ ঐতিহ্যমণ্ডিত লংকেশ্বৰ ধামত পূজাৰ আয়োজন কৰা হয়৷ মন্দিৰ পৰিচালনা সমিতিৰ এক সূত্রই সদৰী কৰা মতে, এইবেলি লংকেশ্বৰ ধামত শিৱৰাত্রি পূজাত পাঁচ সহস্রাধিক ভক্তই ভিৰ কৰে৷ একেদৰে কালীপুৰস্থিত চক্রেশ্বৰ মন্দিৰতো শিৱৰাত্রি উপলক্ষে অগণন ভক্তৰ সমাগম হয়৷