নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিৱৰাত্রি পূজাৰ সময়ত পালন কৰিবলগীয়া নীতি–নির্দেশনা জাৰি

নিয়মীয়া বাৰ্তা ১৯ ফেব্ৰুৱাৰীঃ কামৰূপ মহানগৰ জিলাৰ অন্তর্গত বিভিন্ন মন্দিৰ, দেৱালয়ত অগন্তুক মহা শিৱৰাত্রি সুকলমে উদ্যাপনৰ বিষয়ে মঙলবাৰে জিলা প্রশাসনৰ উদ্যোগত এখন সভা অনুষ্ঠিত হয়৷ জিলা উন্নয়ন আয়ুক্ত অতুল কুমাৰ শর্মাৰ সভাপতিত্বত জিলা উপায়ুক্তৰ কার্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এই সভাত দেৱালয়ৰ পৰিচালনা সমিতিসমূহে গ্রহণ কৰিবলগীয়া ব্যৱস্থাৱলীৰ বিষয়ে আলোচনা কৰা হয়৷ সভাত নিৰাপত্তা, পৰিবহণ, বিশুদ্ধ খোৱাপানী যোগান, পৰিষ্কাৰ–পৰিচ্ছন্ন, জৰুৰীকালীন সেৱা, পোহৰৰ ব্যৱস্থা আদি বিভিন্ন দিশৰ ওপৰত অলোচনা হয় আৰু এই সন্দর্ভত প্রয়োজনীয় ব্যৱস্থা গ্রহণৰ বাবে সংশ্লিষ্ট বিভাগসমূহক নির্দেশ দিয়া হয়৷ কোনো লোকে যাতে নিচাযুক্ত দ্রব্য বিক্রী কৰি মাংগলিক পৰিৱেশৰ পৱিত্রতা বিনষ্ট কৰিব নোৱাৰে তাৰ বাবে আৰক্ষী প্রশাসনে ব্যৱস্থা ল’ব৷ আবকাৰী বিভাগকো প্রশাসনে এই সন্দর্ভত প্রয়োজনীয় ব্যৱস্থা গ্রহণ কৰিবলৈ নির্দেশ দিয়ে৷ মন্দিৰ পৰিচালনা সমিতিসমূহকো মন্দিৰ প্রাংগণত পর্যাপ্ত ডাষ্টবিন ৰখাৰ বাবে সভাত পৰামর্শ দিয়া হয়৷ তদুপৰি, স্বাস্থ্য বিভাগৰ তৰফৰ পৰা উজানবজাৰ ঘাট, লাচিত ঘাট, উমানন্দ ঘাট, শুক্রেশ্বৰ ঘাটৰ লগতে পূজা অনুষ্ঠিত হ’বলগীয়া মন্দিৰ–দেৱালয়ত প্রাথমিক চিকিৎসাৰ সুবিধা থকা এম্বুলেঞ্চ ৰখাৰ ব্যৱস্থা কৰাৰ লগতে মন্দিৰসমূহত চিকিৎসক আৰু চিকিৎসা কর্মীৰ গোট ৰখাৰ ব্যৱস্থা কৰিব৷ মন্দিৰ, দেৱালয়সমূহৰ ভোগ প্রস্তুত কৰাৰ সময়ত স্বাস্থ্য বিভাগৰ খাদ্য পৰিদর্শকৰ পৰামর্শ গ্রহণ কৰিবলৈ জিলা প্রশাসনে মন্দিৰ পৰিচালনা সমিতিসমূহক পৰামর্শ আগবঢ়ায়৷ সভাত শিৱৰাত্রিত উজানবজাৰ ঘাট আৰু ফাঁচীবজাৰৰ লাচিত ঘাটৰ পৰা বিয়লি ৪.৩০ বজাৰ পিছত ফেৰী চলাচল বন্ধ থাকিব আৰু জিলা প্রশাসনে এই বিষয়ত যাৱতীয় ব্যৱস্থা গ্রহণ কৰিবলৈ আভ্যন্তৰীণ জল পৰিবহণ আৰু আৰক্ষী বিভাগক নির্দেশ দিয়ে৷ সভাত অতিৰিক্ত উপায়ুক্ত ৰাতুল পাঠক আৰু মনোজ শিকাৰিয়া, গুৱাহাটী আৰক্ষী ডি চি পিসকল ক্রমে লংনিট তেৰাং, ৰঞ্জন ভূঞা আৰু হেমন্ত কুমাৰ দাস, গুৱাহাটী চক্র বিষয়াসকল, বিভিন্ন বিভাগৰ জিলা মুৰব্বী বিষয়াসকলৰ উপৰি উমানন্দ মন্দিৰ, শুক্রেশ্বৰ দেৱালয়, বশিষ্ঠ মন্দিৰ, লংকেশ্বৰ মন্দিৰৰ লগতে কেইবাটাও মন্দিৰৰ পৰিচালনা সমিতিৰ প্রতিনিধি উপস্থিত আছিল৷

You might also like