নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শৰাইঘাট সৰোবৰত ১০ ৰাজহাঁহ এৰিলে প্রশাসনে

নিয়মীয়া বাৰ্তা, ৪ অক্টোবৰঃ জাতিৰ পিতা মহত্মা গান্ধীৰ ১৫১সংখ্যক জন্ম জয়ন্তীৰ সৈতে সংগতি ৰাখি যোৱা ২ অক্টোবৰত শৰাইঘাট সৰোবৰ নামৰ বৃহৎ পুখুৰী সদৃশ সৰু হ্রদটোত কামৰূপ জিলা প্রশাসনে সৌন্দর্যবর্ধনৰ বাবে ১০টাকৈ ৰাজহঁাহ এৰি দিয়ে৷ জাতিৰ পিতা মহত্মা গান্ধীক শ্রদ্ধাঞ্জলি জনোৱাৰ পাছত শৰাইঘাট সৰোবৰত ৰাজহঁাহ এৰি দিয়া উপলক্ষে অনুষ্ঠিত চমু অনুষ্ঠানত ভাগ লৈ ৰাজহঁাহকেইটা এৰি দিয়ে কামৰূপ জিলা অতিৰিক্ত উপায়ুক্ত প্রশান্ত কাঠকটীয়া আৰু কামৰূপ জিলাৰ জিলা পৰিবহণ বিষয়া গৌতম দাসে৷ উপস্থিত সাংবাদিকৰ সৈতে হোৱা বার্তালাপত অতিৰিক্ত উপায়ুক্ত প্রশান্ত কাঠকটীয়াই কয় যে এৰি দিয়া ৰাজহঁাহকেইটাই নিশ্চিতভাৱে শৰাইঘাট সৰোবৰৰ সৌন্দর্য বৃদ্ধি কৰিব৷ তেনেদৰে জিলা পৰিবহণ বিষয়া গৌতম দাসে চমু বার্তালাপত পর্যটক–দর্শনার্থী আকর্ষণৰ কেন্দ্রবিন্দুত পৰিণত হোৱা শৰাইঘাট সৰোবৰহত ৰাজহঁাহকেইটাও পুনৰ পর্যটক– দর্শনার্থীক অধিক আকর্ষিত কৰিব বুলি ব্যক্ত কৰে৷ অনুষ্ঠানত কামৰূপ জিলা প্রশাসনৰ কেইবাগৰাকী বিষয়া–কর্মচাৰী উপস্থিত থাকে৷ উল্লেখ্য যে কামৰূপ জিলা প্রশাসনে গণৰাজ্য দিৱস, স্বাধীনতা দিৱস আৰু গান্ধী জয়ন্তীত এনেধৰণৰ ব্যতিক্রমী কার্যসূচী গ্রহণ কৰি আহিছে৷

You might also like