সাংসদ কুইন ওজাৰ উদ্যোগত বাইহাটা, চাংসাৰিত আৰক্ষী-সাংবাদিকক মাক্স আৰু চেনিটাইজাৰ বিতৰণ
নিয়মীয়া বাৰ্তা, ৩ মে’ : বাইহাটা চাৰিআলি আৰক্ষী থানাৰ পৰা আৰম্ভ কৰি চাংসাৰি, গৌৰীপুৰ তথা উত্তৰ গুৱাহাটী আৰক্ষী থানাৰ বিষয়া কৰ্মচাৰীসকলৰ মাজত দেওবাৰে গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাৰ উদ্যোগত চেনিটাইজাৰ বটল, মাক্স বিতৰণ কৰা হয় ।
সাংসদ গৰাকীৰ হৈ যুৱকৰ্মী তথা সাংসদ গৰাকীৰ কামকাজত সহায় কৰি অহা যুৱক ইন্তাজুল হকে উক্ত সামগ্ৰী সমূহ বিতৰণ কৰে ।
ইয়াৰ লগতে তেওঁ সাংবাদিকসকলৰ মাজতো সাংসদ গৰাকীৰ নিৰ্দেশতে এই মাক্স আৰু চেনিটাইজাৰ বিতৰণ কৰা বুলি সাংবাদিকক জানিবলৈ দিয়ে । সাংবাদিক একাংশই ইয়াৰ বাবে সাংসদ গৰাকীক ধন্যবাদ জনাই কেৱল চেনিটাইজাৰ আৰু মাক্সেই নহয় লকডাউনৰ সময়ত তেখেতৰ সমষ্টিৰ অন্তৰ্গত বিপদগ্ৰস্ত হৈ থকা সংবাদসেৱী সকলৰ পৰিস্থিতি অধ্যয়ন কৰি যথাসম্ভৱ সহায় সহযোগিতা আগবঢ়াবলৈও আহ্বান জনাইছে ।