সাৱধান হওঁক মহানগৰবাসী, অধিক সামাজিক সংক্ৰমণৰ আশংকা
নিয়মীয়া বাৰ্তা, ১১জুনঃ মহানগৰীত অধিক সামাজিক সংক্ৰমণৰ আশংকা। কণ্টেইনমেণ্ট জ’নৰ অলিয়ে গলিয়ে এতিয়া কভিড পজিটিভ ৰোগী। কোনোধৰণৰ ট্ৰেভেল হিষ্ট্ৰী নোহোৱাকৈ ১২জনকৈ লোক আক্ৰান্ত হৈছে ক’ৰোনাত।
কণ্টেইমেণ্টত জনত থকা সকলে সামাজিক দূৰত্ব মানি নচলাৰ অভিযোগ একাংশৰ। গোশালাৰ এগৰাকী আক্ৰান্ত মহিলাৰ সংস্পৰ্শলৈ আহি আক্ৰান্ত হ’ল ৫জনকৈ লোক। সামজিক দূৰত্ব বাদেই মুখত মাস্ক নোহোৱাকৈ কণ্টেইমেণ্ট জ’নত আড্ডা চলে বুলিও মন্তব্য কৰিছে কণ্টেইমেণ্ট জ’নত থকা একাংশ লোকে।
আৰক্ষীৰ চকুত ধূলি দি একাংশ লোকে নীতি নিয়ম ভংগ কৰাৰো অভিযোগ স্থানীয় ৰাইজৰ। গুৱাহাটীত সামাজিক সংক্ৰমণ বৃদ্ধি হোৱাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া মহানাগৰিকৰ। কিছুৱে যদি লক ডাউনৰ পোষকতা কৰিছে কিছুৱে আকৌ সকলোৱে সামাজিক দূৰত্ব মানি সতৰ্ক হৈ থকাৰ আহ্বান জনাইছে।