স্পট অক্সন জাননীক কেন্দ্র কৰি গুৱাহাটী বিশ্ববিদ্যালয়ত প্রতিক্রিয়া
নিয়মীয়া বার্তা, ১৭ মেঃ সমগ্র ভাৰতবর্ষতে ক’ৰোনা ভাইৰাছৰ সংক্রমণে জটিল ৰূপ ধাৰণ কৰিছে৷ অসমতো ক্রমাৎ ক’ৰোনা ভাইৰাছৰ দ্বাৰা আক্রান্ত লোকৰ সংখ্যা বৃদ্ধি পাই গৈ আছে৷ ৰাজ্যত তৃতীয় পর্যায়ৰ লকডাউন অব্যাহত থকাৰ সমান্তৰালভাৱে কিছু কিছু ক্ষেত্রত শিথিল কৰি দিয়াৰ ফলত হাট–বজাৰ, দোকান–পোহাৰ, বাণিজ্যিক প্রতিষ্ঠান, অফিচ–কাছাৰীসমূহত এক নির্দিষ্ট নিয়ম–নীতিৰ মাজেৰে পূর্বৰ দৰে আৰম্ভ হয় কাম–কাজ৷ অসমৰ অগ্রণী উচ্চ শিক্ষানুষ্ঠান গুৱাহাটী বিশ্ববিদ্যালয় কর্তৃপক্ষয়ো চৰকাৰী নির্দেশনা অনুসৰি প্রতিটো কর্ম দিনতে পঞ্চাশ শতাংশ কর্মচাৰীৰে কাম–কাজ আৰম্ভ কৰিছে৷ যোৱা ৪ মে’ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়কগৰাকীয়ে এখন জাননীৰ জৰিয়তে চৰকাৰ তথা স্বাস্থ্য বিভাগৰ নীতি–নিয়ম অনুসৰি সকলোকে কাম–কাজ চলাবলৈ নির্দেশনা দিয়ে৷
কিন্তু বিশ্ববিদ্যালয়ৰে যুটীয়া পঞ্জীয়কগৰাকীয়ে যোৱা ১৪ মে’ত জাৰি কৰা এখন জাননীয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অভ্যন্তৰত বিৰূপ প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷ যুটীয়া পঞ্জীয়কগৰাকীয়ে এখন বিশেষ জাননীযোগে বিশ্ববিদ্যালয় চৌহদত ‘স্পট অক্সন’ হ’ব বুলি সদৰী কৰিছে৷ ‘হিন্দুস্তান মটর্ছ এম্বেছাডৰ গ্রেণ্ড ১৮০৫’ গাড়ী এখন অহা ১৯ মে’ৰ বিয়লি ২ বজাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ যুটীয়া পঞ্জীয়কৰ কার্যালয়ত অক্সন হ’ব বুলি বিশ্ববিদ্যালয়ৰ ৱেবছাইটযোগে প্রকাশ কৰাৰ পাছতে প্রতিক্রিয়াৰ সৃষ্টি হয়৷ কিয়নো পূর্বে আভিজাত্যৰ প্রতীক হিচাপে বিবেচিত এম্বেছাডৰ গাড়ী সম্প্রতি বন্ধ হৈ পৰিছে৷ তেনেস্থলত এম্বেছাডৰ গাড়ী ক্রয় কৰাৰ বাবে ১৯ মে’ৰ বিয়লি বিশ্ববিদ্যালয় চৌহদত যথেষ্টসংখ্যক লোকৰ সমাগম হোৱাৰ সম্ভাৱনা আছে৷
উল্লেখনীয় যে যোৱা ৪ মে’ত বিশ্ববিদ্যালয়ৰ পঞ্জীয়কগৰাকীয়ে জাৰি কৰা জাননীৰ ১৩নং চর্তাৱলীমর্মে Outside visitors are not allowed to visit the offices till further order) কোনো বাহিৰৰ লোকক বিশ্ববিদ্যালয়ৰ প্রশাসনিক ভৱনকে ধৰি আন কোনো কার্যালয়ত বর্তমানলৈ সোমাবলৈ দিয়া নাই৷ তেনে ক্ষেত্রত পঞ্জীয়কগৰাকীৰ নির্দেশনা উলংঘা কৰি যুটীয়া পঞ্জীয়কগৰাকীয়ে ‘স্পট অক্সন’ৰ জাননী জাৰি কৰি বাহিৰৰ লোকক আমন্ত্রণ কৰা ঘটনা স্বাভাৱিকতে বিশ্ববিদ্যালয় চৌহদত চর্চাৰ বিষয় হৈ পৰিছে৷