নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্পেনিছ গার্ডেনত ব্যস্ত জিএমচিৰ ৪খন টেংকাৰ

গুৱাহাটীৰ পানী যোগানক লৈ সদনত সৰৱ বিধায়ক অতুল–ৰমেন

নিয়মীয়া বাৰ্তা, ৫ মার্চঃ গুৱাহাটী মহানগৰবাসীক পানী যোগান ধৰাত চৰকাৰ তথা গুৱাহাটী পৌৰ নিগম চূড়ান্তভাৱে ব্যর্থ হোৱাৰ পৰিপ্রেক্ষিতত বুধবাৰে সদনত সৰৱ হৈ পৰে দিছপুৰ সমষ্টিৰ বিজেপি বিধায়ক অতুল বৰা আৰু পশ্চিম গুৱাহাটী সমষ্টিৰ অগপ বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতা ৷ সদনৰ প্রশ্নোত্তৰ কালত বিধায়ক বৰাই গুৰুতৰ অভিযোগ কৰি কয় যে গুৱাহাটী পৌৰ নিগমৰ ৬খন পানী যোগান ধৰা গাড়ী আছে ৷ একোখন গাড়ীয়ে ১২,০০০ লিটাৰকৈ পানী যোগান ধৰে ৷ কিন্তু পানী যোগান ধৰা সেই ৬খন গাড়ীৰ ভিতৰত চাৰিখন গাড়ী সকলো সময়তে জুৰোডস্থিত স্পেনিছ গার্ডেনত ব্যস্ত থাকে ৷ সদনত তেওঁ মাত্র দুখন গাড়ীৰে গুৱাহাটীবাসীক পৌৰ নিগমে কেনেদৰে পানী যোগান ধৰিব বুলি প্রশ্ন উত্থাপন কৰি সুৰেশ পৃথানি মালিকানাধীন স্পেনিছ গার্ডেনত পানী যোগান ধৰাটো বন্ধ কৰাৰ দাবী জনায় ৷

বৰাৰ স্পষ্ট কথা– স্পেনিছ গার্ডেন কর্তৃপক্ষই নিজে পানী যোগান ধৰিব নোৱাৰিলে ইমান ডাঙৰ এপার্টমেণ্ট কিয় নির্মাণ কৰিছে ? আনহাতে, বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাৰ এক প্রশ্নৰ উত্তৰত গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্রী সিদ্ধার্থ ভট্টাচার্যই কয় যে জৱাহৰলাল নেহৰু আৰবান নেচনেল পানী যোগান আঁচনিৰ কাম বর্তমান পূর্ণ গতিত চলি আছে আৰু এই পর্যন্ত আঁচনিখনৰ ৯৫.৭৫ শতাংশ কাম সম্পূর্ণ হৈ উঠিছে ৷ এই আঁচনিৰ অধীনত মহানগৰীৰ ভূতনাথৰ পৰা মালিগাঁও পর্যন্ত কামাখ্যা পাহাৰৰ নামনি অংশ, মালিগাঁও চাৰিআলি, পাণ্ডু, বৰিপাৰা, পাণ্ডৱনগৰ, জয়মতী নগৰ, কামাখ্যা কলনী আৰু আদাবাৰী এলেকা সামৰি এটা বিস্তৃত অঞ্চলত প্রথম পর্যায়ত এই পানী যোগান আঁচনিখন মার্চ মাহৰ ভিতৰতে আংশিকভাৱে শুভাৰম্ভ কৰাৰ বাবে প্রস্তুতি আৰম্ভ কৰা হৈছে, য’ত ১২০০ গৃহত পানী যোগানৰ সংযোগ দিয়া হ’ব ৷ ইয়াৰ বাবে গুৱাহাটী জলবোর্ডৰ অধীনত উক্ত অঞ্চলৰ আৱাসীসকলক পানী যোগানৰ সংযোগ প্রদানৰ প্রয়োজনীয় আবেদন পত্র দি থকা হৈছে ৷

মন্ত্রী ভট্টাচার্যৰ এই উত্তৰত মুকলিকৈ অসন্তুষ্টি ব্যক্ত কৰি বিধায়ক কলিতাই কয় যে মন্ত্রীয়ে উল্লেখ কৰাৰ দৰে আঁচনিৰ কামৰ অগ্রগতি হোৱা নাই ৷ এইক্ষেত্রত তেওঁ বিধানসভাৰ অধ্যক্ষকো তেওঁৰ সৈতে চৰজমিন ক্ষেত্র পৰিদর্শনৰ বাবে ওলাবলৈ আহ্বান জনায় ৷ বিধায়ক কলিতাৰ মতে, ক্ষেত্রভিত্তিক পৰিদর্শন কৰিলেই আচল অগ্রগতিৰ ছবিখন পোহৰলৈ আহিব ৷ ইফালে, বৰাগাঁওস্থিত দীপৰ বিলৰ সমীপত থকা ডাম্পিং গ্রাউণ্ডখন স্থানান্তৰৰ প্রসংগত মন্ত্রী ভট্টাচার্যই কয় যে এতিয়ালৈ চন্দ্রপুৰ, ওদালবাক্রা, বৰপথাৰ আৰু সোণাপুৰৰ চাৰি ঠাইত মাটি নির্বাচন কৰা হৈছিল ৷ কিন্তু চন্দ্রপুৰত ৰাইজৰ প্রতিবাদৰ বাবে, ওদালবাক্রা জাবৰ নিষ্কাশনৰ বাবে উপযোগী নহয়, বৰপথাৰত মেঘালয় হাইক’ৰ্টৰ স্থগিতাদেশ থকাৰ বাবে আৰু সোণাপুৰ পাহাৰৰ ওপৰত হোৱা বাবে তালৈ স্থানান্তৰ কৰিব পৰা হোৱা নাই ৷

You might also like