নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাতীগাঁৱত গ্ৰেপ্তাৰ ৪ যুৱক

গুৱাহাটীত সক্ৰিয় হানীট্ৰেপিং চক্ৰ

নিয়মীয়া বাৰ্তা ২৩ মাৰ্চঃ মহানগৰীত সক্ৰিয় হৈ আছে হানীট্ৰেপিং চক্ৰ। মৰিগাঁৱৰ এজন যুৱকক ব্লেক মেইলিং কৰি ২ লাখ টকা দাবী কৰা চাৰিজন যুৱকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। ধৃত যুৱককেইজন ক্ৰমে ৰঙিয়াৰ মুন আহমেদ(৩০), আব্দুল হক(২৭) খাইৰুল হুছেইন (২৬)। অৱশ্যে আৰক্ষীয়ে তদন্তৰ খাতিৰত আন এজন যুৱকৰ নাম প্ৰকাশ কৰাৰ পৰা বিৰত থাকে। উল্লেখ্য যে ধৃত খাইৰুল হুছেইনৰ নেতৃত্বত মৰিগাঁৱৰ এজন লোকক ফ্লেট দিয়াৰ নামত এগৰাকী মহিলাসহ অভিযুক্ত চাৰি যুৱকে যোৱা ২৭ মাৰ্চত হাতী গাঁৱৰ মাদাৰ টেৰেছা পথত এটা অট্টালিকালৈ মাতি আনে। অট্টালিকাটোত ব্যক্তিজনে ফ্লেট চাবলৈ অহাৰ পিছত তেওঁক নিচাজাতীয় দ্ৰব্য খুৱাই অচেতন কৰি এগৰাকী মহিলাৰ সৈতে ব্যক্তিজনৰ মবাইলত অশ্লীল ভিডিঅ ৰেকডিং কৰে। পিছত ব্যক্তি জন সুস্থ হোৱাত তেওঁক যুৱকজনে ২ লাখ টকা দাবী কৰে আৰু নগদ ৬০ হাজাৰ টকা লৈ যায়। ইপিনে কালি যুৱককেইজনে টকাখিনি নিবলৈ খানাপাৰালৈ অহাত ভুক্তভোগী লোকজনে আৰক্ষীক অৱগত কৰোৱাত বশিষ্ঠ আৰক্ষীয়ে খেদি খেদি যুৱকজনক ঘোৰামাৰাৰ পৰা গ্ৰেপ্তাৰ কৰি হাতীগাওঁ আৰক্ষীক গতাই দিয়ে। আৰক্ষীৰ ঘটনা সন্দৰ্ভত ১৮২/২০ নম্বৰত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।

You might also like