নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাতীগাঁৱত নাৰীদেহৰ বেহা যুৱতীসহ তিনিজনক গ্রেপ্তাৰ

নিয়মীয়া বার্তা, ৪ মার্চঃ মহানগৰীৰ হাতীগাঁও আৰক্ষীয়ে মঙলবাৰে ১নং বশিষ্ঠপুৰ উপপথত অভিযান চলাই দীর্ঘদিন ধৰি চলি থকা এটা নাৰীদেহ ব্যৱসায়ী চক্র উৎখাত কৰাৰ লগতে এগৰাকী যুৱতীসহ তিনিজন যুৱকক গ্রেপ্তাৰ কৰে ৷ ধৃত নাৰীদেহ ব্যৱসায়ীকেইজন ক্রমে মায়ঙৰ প্রকাশ বিশ্বাস (৩০), নিৰঞ্জন বিশ্বাস, বৰপেটাৰ আক্কাচ আলী (৩২) আৰু বাঘবৰৰ যাদৱপুৰ গাঁৱৰ মঞ্জুৱাৰা বেগম (৩২) বুলি আৰক্ষীয়ে জানিবলৈ দিছে৷ হাতীগাঁও আৰক্ষী সূত্রই জনোৱা মতে ধৃত আক্কাচ আলীয়ে দীর্ঘদিন ধৰি গুৱাহাটীৰ ভাড়াঘৰত আশ্রয় লৈ নাৰীদেহ ব্যৱসায় চলাই আহিছিল৷ আৰক্ষীয়ে গোপন সূত্রৰ পম আজি ১নং বশিষ্ঠপুৰ উপপথৰ ভাড়াঘৰৰ পৰা আন দুজন যুৱক আৰু এগৰাকী যুৱতীসহ তেওঁক গ্রেপ্তাৰ কৰে৷ ঘটনা সন্দর্ভত আৰক্ষীয়ে হাতীগাঁও থানাত ভাৰতীয় দণ্ডবিধিৰ ৩৭০/৩৭০ (এ) আৰ আৰ ডব্লিউ ছেকচন ৩/৪/৫ আইটি (পি) এক্টৰ অধীনত ১৩৫/২০ নম্বৰত এটা গোচৰ ৰুজু কৰি ধৃত আটাইকেইজনক আদালতত হাজিৰ কৰাত আদালতে জে’ল–হাজোতলৈ প্রেৰণ কৰে ৷

You might also like