নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাতীশিলাত নাহৰফুটুকীৰ আতংক; বিনিদ্র ৰজনী বন্যার্তৰ

নিয়মীয়া বাৰ্তা, ১৯ জুলাইঃ  মহামাৰী ক’ৰোনা আৰু বানৰ তাণ্ডৱৰ মাজতে বাঘৰ আতংকত বিনিদ্র ৰজনী কটাইছে মহানগৰীৰ পার্শ্বৱর্তী পানীখাইতীৰ হাতীশিলাবাসীয়ে৷ বিগত এসপ্তাহ ধৰি অঞ্চলটোত পোৱালিসহ প্রকাণ্ড নাহৰফুটুকী বাঘ এটাই মুক্ত বিচৰণ কৰি থকাৰ উপৰি একাধিক পশুধনক আক্রমণ কৰাৰ পাছতো বন বিভাগে ব্যৱস্থা গ্রহণ নকৰাত আতংকিত হৈ পৰিছে অঞ্চলবাসী৷ হাতীশিলা গণেশ মন্দিৰৰ সমীপৰ হাবিত কিছুদিন আগৰে পৰা বাঘৰ গোজৰণি শুনিবলৈ পাইছিল স্থানীয় ৰাইজে৷ প্রথম অৱস্থাত বিশেষ গুৰুত্ব দিয়া নাছিল ৰাইজে৷ কিন্তু বিগত চাৰি দিনমানৰ পৰা প্রকাণ্ড নাহৰফুটুকীটোৱে কেতিয়াবা অকলশৰে আৰু কেতিয়াবা লগত ২–৩টা পোৱালি লৈ হাতীশিলা পাহাৰৰ নামনি আৰু গড়কাপ্ঢানী পথেৰে মুকলিকৈ বিচৰণ কৰি থকা প্রত্যক্ষ কৰে অঞ্চলবাসীয়ে৷

স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে, নাহৰফুটুকীটোৱে দুদিন পূর্বে দুটা গৰু আক্রমণ কৰি এটাক সম্পূর্ণৰূপে ভক্ষণ কৰে৷ আনটো গৰু গুৰুতৰভাৱে আঘাতপ্রাপ্ত হৈ কোনোমতে পলাই সাৰিবলৈ সক্ষম হয়৷ ইপিনে, শেহতীয়াকৈ অঞ্চলটোৰ বহু পৰিয়াল বানৰ কবলত পৰাত তেওঁলোকে কেইদিনমানৰ পৰা পথৰ ওপৰত শিবিৰ পাতি থাকিবলগা হোৱাত প্রায় প্রত্যেকদিনে গোজৰণি শুনাৰ লগতে নিশা পথৰ মাজেৰে বিচৰণ কৰা প্রত্যক্ষ কৰে৷ আনকি এদিন কেইজনমান বানাক্রান্তই বাঘটোৰ মুখামুখি হোৱাৰ পাছত চিঞৰ–বাখৰ লগোৱাত বাঘটো হাবিৰ মাজত সোমাই পৰে৷ তেতিয়াৰে পৰা শতাধিক বানাক্রান্তই উজাগৰী নিশা কটাবলগীয়াত পৰিছে৷ তাৰ মাজতে আনকি কেইবানিশা প্রায় ১১ বজাতে প্রকাণ্ড বাঘটোৱে বানাক্রান্তৰ শিবিৰৰ কাষেৰে পাৰ হৈ যোৱা প্রত্যক্ষ কৰে একাংশ লোকে৷ আশ্চর্যজনক কথা যে অঞ্চলটোত বাঘৰ মুক্ত বিচৰণৰ কথা একাধিকবাৰ বন বিভাগৰ লোকক অৱগত কৰা হয় যদিও ৰহস্যজনক কাৰণত কালিলৈ কোনো গুৰুত্ব প্রদান কৰা নাই৷ অৱশ্যে যোৱানিশা পুনৰ বাঘৰ মুক্ত বিচৰণৰ কথা জানিব পাৰি আজি বন বিভাগৰ লোক সেই স্থানত উপস্থিত হয়৷ কিন্তু বন বিভাগৰ লোকৰ কাণ্ডজ্ঞানহীন মন্তব্য শুনি হতভম্ভ হৈ পৰে অঞ্চলবাসী৷

স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে, অঞ্চলটোত বাঘ ওলোৱা বুলি এখন আবেদন দিবলৈহে পৰামর্শ দিয়ে ৰাইজক৷ তাৰ পাছত হেনো তেওঁলোকে ব্যৱস্থা গ্রহণ কৰিব পাৰিব৷ বন বিভাগৰ এই টুলুঙা মন্তব্যত ক্ষুব্ধ হৈ পৰে অঞ্চলবাসী

You might also like