নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হোমেন বৰগোহাঞিৰ উপস্থিতিত কৰুণাধাৰাৰ অন্তৰংগ আলাপ অনুষ্ঠান

ছ’চিয়েল মিডিয়া, সংবাদ মাধ্যমৰ জৰিয়তে প্রচাৰ চলাই অনুদান সংগ্রহৰ আহ্বান

নিয়মীয়া বার্তা, ২ মার্চঃ বিশেষভাৱে সক্ষম লোক আৰু দুৰাৰোগ্য ৰোগীসকলক সহায় কৰি অহা কৰুণাধাৰা ন্যাসৰ উদ্যোগত দেওবাৰে এক অন্তৰংগ আলাপ অনুষ্ঠান অনুষ্ঠিত হয় ৷ ৰাজগড়ৰ শংকৰদেৱ কৃষ্টি বিকাশ কেন্দ্রত অনুষ্ঠিত এই অন্তৰংগ আলাপ অনুষ্ঠানত হিতাধিকাৰী আৰু শুভাকাংক্ষীসকলে অংশগ্রহণ কৰে ৷ ‘কৰুণাধাৰা’ৰ মহানগৰ সহায়ক সমিতিৰ উদ্যোগত অনুষ্ঠিত এই অন্তৰংগ আলাপ অনুষ্ঠানত উপস্থিত থাকি বিশিষ্ট সাহিত্যিক অনুৰাধা শর্মা পূজাৰীয়ে কয় যে ছ’চিয়েল মিডিয়া আৰু সংবাদ মাধ্যমৰ জৰিয়তে কৰুণাধাৰাৰ বিষয়ে প্রচাৰ চলাই ৰাজ্যৰ বাহিৰত কর্মৰত অসমীয়া লোকসকলৰ পৰা দান–বৰঙণি সংগ্রহ কৰিব পৰা যাব ৷ তদুপৰি সাতসৰী নামৰ আলোচনীখনত নিয়মীয়াকৈ ‘কৰুণাধাৰা’ৰ বিষয়ে এটা কলম ৰাখিব বুলিও তেওঁ প্রতিশ্রুতি প্রদান কৰে ৷ শ্বাহিদ আফ্রিদৰ এটি টোকাৰী গীতেৰে শুভাৰম্ভ কৰা এই অনুষ্ঠানটোৰ উদ্দেশ্য ব্যাখ্যা কৰে মহানগৰ সমিতিৰ সচিব নৱজ্যোতি ভূঞাই ৷ কৰুণাধাৰাৰ মহানগৰ সমিতিৰ অধ্যক্ষ মৃণাল কুমাৰ বৰুৱাৰ পৰিচালনাত অনুষ্ঠিত এই অন্তৰংগ আলাপত বিশিষ্ট কথাশিল্পী তথা ‘নিয়মীয়া বার্তা’ৰ মুখ্য সম্পাদক হোমেন বৰগোহাঞি, অৱসৰপ্রাপ্ত অধ্যাপিকা ড০ অপৰাজিতা বৰকটকী, প্রাক্তন ন্যায়াধীশ অণিমা হাজৰিকা, সাংবাদিক নিতুমণি শইকীয়া, এনআৰএলৰ প্রাক্তন অধ্যক্ষ তথা পৰিচালন সঞ্চালক দীপক চক্রৱর্তীৰ উপৰি পলাশ কলিতা, মনমৰমী মহন্ত, কৰুণাধাৰাৰ অধ্যক্ষ প্রতুল ফুকন, সচিবপ্রধান অজিত কুমাৰ খাটনিয়াৰ, ডাঃ ৰুবী কটকীকে ধৰি বহু শুভাকাংক্ষী আৰু হিতাধিকাৰীসকল উপস্থিত থাকে ৷ এই অনুষ্ঠানতে গগন শর্মা, দিলীপ নাথ, কৃষ্ণাক্ষি শর্মা, ৰুবুল বর্মন, বসন্ত ডেকা নামৰ হিতাধিকাৰীকেইজনক আর্থিক অনুদানৰ চেক প্রদান কৰা হয় ৷ অনুষ্ঠানত কৰুণাধাৰাৰ ওপৰত চাৰুকমল হাজৰিকাই নির্মাণ কৰা তথ্যচিত্রখনো প্রদর্শন কৰা হয় ৷

You might also like