১৩–১৫ ফেব্রুৱাৰীলৈ নৱগ্রহত মহাযজ্ঞৰ আয়োজন
নিয়মীয়া বাৰ্তা ৬ ফেব্ৰুৱাৰীঃ ঐতিহ্যমণ্ডিত নৱগ্রহ দেৱালয়ত তিনিদিনীয়া বর্ণাঢ়্য কার্যসূচীৰে ৮৮সংখ্যক বার্ষিক মহাযজ্ঞৰ আয়োজন কৰা হৈছে৷ অহা ১৩–১৫ ফেব্রুৱাৰীত নৱগ্রহ দেৱালয়ত বৈদিক ৰীতি–নীতিৰে মহাযজ্ঞ অনুষ্ঠিত কৰা হ’ব৷ ১৩ ফেব্রুৱাৰীৰ পুৱা যজ্ঞৰ দ্বাৰ উন্মোচন কৰিব মুখ্যমন্ত্রীৰ আইন উপদেষ্টা শান্তনু ভৰালীয়ে৷ বন্তি প্রজ্বলন কৰিব কামৰূপ মহানগৰ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে৷ পুৱা ১০.১৫ বজাত সূর্যাগ্ণি গ্রহণেৰে যজ্ঞাহুতি আৰম্ভ কৰা হ’ব৷ বিয়লি দুই বজাত ওজাপালি পৰিৱেশন কৰা হ’ব৷ ১৪ ফেব্রুৱাৰীত পুৱা ভাগৱত পাঠ কৰিব অধ্যাপক উমাকান্ত শর্মাই৷ ১৫ ফেব্রুৱাৰীত ১২.৩২ বজাত নৱগ্রহ মহাযজ্ঞৰ পূর্ণাহুতি প্রদান আৰু প্রসাদ বিতৰণেৰে মহাযজ্ঞৰ সামৰণি পৰিব৷ আজি এখন সংবাদ মেলত এই কথা সদৰী কৰে নৱগ্রহ দেৱালয় মহাযজ্ঞ সমিতিৰ সভাপতি মদন শর্মা আৰু সম্পাদক অমিয় শর্মাই৷