নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১ জানুৱাৰীৰ পৰা মহানগৰীত বৃদ্ধি পাব গাখীৰৰ মূল্য

গাখীৰৰ মূল্য বৃদ্ধি

নিয়মীয়া বাৰ্তা, ২৯ ডিচেম্বৰঃ ৰাজ্যবাসীক মূল্যবৃদ্ধিৰ সমস্যাই জুৰুলা কৰাৰ সময়তে ভূতৰ ওপৰত দানহ পৰাদি পৰিছে পুনৰ গাখীৰৰ মূল্যবৃদ্ধিয়ে। নতুন বৰ্ষৰ পহিলা দিনটোৰ পৰা অৰ্থাৎ ১ জানুৱাৰীৰ পৰা মহানগৰীত বৃদ্ধি হ’ব গাখীৰৰ মূল্য। মহানগৰীত প্ৰতিলিটাৰ গাখীৰৰ মূল্য হ’ব ৪৯ টকা। প্ৰতিলিটাৰ গাখীৰত বৃদ্ধি হ’ব ৩টকাকৈ। গাখীৰৰ মূল্যবৃদ্ধিৰ লগে লগে গাখীৰৰ দ্বাৰা উৎপাদিত সামগ্ৰীৰ মূল্যবৃদ্ধিৰো আশংকা কৰা হৈছে। এই কথা জনালে গো পালক সংস্থাৰ সভাপতি কৃষ্ণ প্ৰসাদ শৰ্মাই।