১.৭৬ লাখ টকাসহ চাৰিজনক গ্রেপ্তাৰঃ পলাতক ৩
নকল নোট ব্যৱসায়ী চক্রৰ বিৰুদ্ধে ওৰাঙত হাতীগাঁও আৰক্ষীৰ অভিযান
নিয়মীয়া বাৰ্তা ১৭ ফেব্ৰুৱাৰীঃ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীতো সক্রিয় হৈ আছে আন্তঃৰাষ্ট্রীয় জালনোট ব্যৱসায়ী চক্র৷ এই অসাধু চক্রটোৱে ৰাজ্যত অব্যাহত ৰাখিছে জালনোটৰ ৰমৰমীয়া বেহা৷ মহানগৰ আৰক্ষীয়ে লাভ কৰা তথ্যৰ ভিত্তিত কালি ওৰাঙত অভিযান চলাই নকল টকাসহ চাৰিজন ব্যৱসায়ীকগ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ ধৃত জালনোটৰ ব্যৱসায়ীকেইজন ক্রমে জেহাৰুদ্দিন আলী, নুৰজামাল আলী, নিলচন আলী, ছাহিদুল আলম৷ হাতীগাঁও থানাৰ ভাৰপ্রাপ্ত বিষয়া বীৰেন ডেকাৰ নেতৃত্বত যোৱা এটা দলে এই নকল নোটৰ ব্যৱসায়ীকেইজনক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয় যদিও তিনি জালনোটৰ ব্যৱসায়ী এতিয়াও পলাতক হৈ আছে৷ অভিযানকাৰী দলটোৱে ব্যৱসায়ী চক্রটোৰ পৰা ১.৭৬ লাখ টকা জব্দ কৰে৷ জব্দকৃত ধনখিনি নকল নোট বুলি সন্দেহ কৰিছে আৰক্ষীয়ে৷ অৱশ্যে নকল নোটৰ ব্যৱসায়ত জডিত মূল অভিযুক্ত কানিয়া, লতিফুৰসহ তিনিজন ব্যৱসায়ী সম্প্রতি পলাতক হৈ আছে৷ পলাতক দুয়োৰে ওচৰত টকা বনোৱা মেচিনৰ লগতে ৰাসায়নিক দ্রব্য মজুত থকাৰ তথ্য আছে হাতীগাঁও থানাৰ আৰক্ষীৰ হাতত৷ সম্প্রতি পলাতক তিনি অভিযুক্তক বিচাৰি আৰক্ষীয়ে তীব্র অভিযান চলাই আছে৷