নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩দিনৰ বাবে বন্ধ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠান

নিয়মীয়া বাৰ্তা, ৮মেঃ ৩ দিনৰ বাবে বন্ধ কৰা হ’ল বি বৰুৱা কৰ্কট প্ৰতিষ্ঠান। কণ্টেইনমেণ্ট জ’ন ঘোষণা বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানক। এগৰাকী কিশোৰী মৃত্যুৰ পিছতেই অধিক সক্ৰিয় হৈ পৰিছে স্বাস্থ্য বিভাগ। বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈ চিকিৎসকসকলৰ সৈতে আলোচনাত মিলিত হয়। আনহাতে মৃত্যু হোৱাৰ কিশোৰীগৰাকীৰ সংস্পৰ্শলৈ অহা সকলো লোকৰ এখন তালিকা প্ৰস্তুত কৰাৰ লগতে ইতিমধ্য়ে ১১জন চিকিৎসকক কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰা হৈছে।

মৃত কিশোৰীগৰাকীৰ আইতাক বি বৰুৱা কেঞ্চাৰ ইনষ্টিউটত চাফাই কৰ্মী হিচাপে কাম কৰি আছিল আৰু কিশোৰীগৰাকী আগৰে পৰা জ্বৰত আক্ৰান্ত হৈ আছিল। উল্লেখ্যযোগ্য যে মৃত্যুৰ পিছতহে SWAB পৰীক্ষা কৰা হৈছিল আৰু COVID-19 পজিটিভ বুলি চিনাক্ত কৰা হৈছে কিশোৰীগৰাকীৰ।

You might also like