নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩১ মাৰ্চলৈ নাৰেংগীৰ কলংপাৰ বজাৰ বন্ধৰ আহ্বান

নিয়মীয়া বাৰ্তা, ২২ মাৰ্চঃ সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষতো ক’ৰোণা ভাইৰাছে আতংময় পৰিবেশ সৃষ্টি কৰাৰ পিছত ক’ৰোণা ভাইৰাছৰ পৰা ভাৰতবৰ্ষৰ জনতাক ৰক্ষা কৰাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰা জনতা কাৰ্ফিউ আৰু জনতাসমাৱেশ ঘটা সকলো স্থান পৰ্যাপ্ত পৰিমাণে বন্ধ ৰখাৰ বাবে জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই বিজেপিৰ দিছপুৰ মণ্ডল সমিতিৰ এটা সঁজাতী দলে কলংপাৰ বজাৰ সম্পূৰ্ণ বন্ধ কৰি দিয়ে। উল্লেখ্য যে নগাঁও, হোজাই, মৰিগাঁও, ক্ষেত্ৰী, ডিগাৰু আদি অঞ্চলৰ একাংশ ব্যৱসায়ীয়ে ৰে’লযোগে বিভিন্ন খাদ্য সামগ্ৰী কঢ়িয়াই আনি ৰে’ল ষ্টেচনৰ গাতে লাগি থকা কলংপাৰ বজাৰত বিক্ৰী কৰি আহিছে। বজাৰত হাজাৰ হাজাৰ লোকৰ সমাগম ঘটে। যাৰ পৰিপ্ৰেক্ষিতত ক’ৰোণা ভাইৰাছৰ সংক্ৰমণ তীব্ৰতৰ হৈ উঠাৰ আশংকা নুই কৰিব নোৱাৰি। ক’ৰোণা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে দিছপুৰ মণ্ডল কমিটীৰ সদস্য সকলে কলংপাৰ বজাৰলৈ আহি সকলো দোকান-পোহাৰ বন্ধ কৰিবলৈ অনুৰোধ জনোৱাৰ সময়তে একাংশ শাক-পাছলি আৰু মাছ ব্যৱসায়ীয়ে নাৰেংগীৰ ৰে’ল ষ্টেচনৰ ষ্টেছন মাষ্টৰ জনৈক মালাকাৰে প্ৰতিদিনে ব্যৱসায়ীসকলৰ পৰা ৩০টকাৰ পৰা ১০০টকালৈ আদায় লয় বুলি এক গুৰুতৰ অভিযোগ উত্থাপন কৰে। এই গুৰুতৰ অভিযোগৰ পিছতেই দিছপুৰ মণ্ডল সমিতিৰ বিজেপি সদস্যসকলে মালাকাৰক জবাবদিহি কৰে অৱশ্যে ষ্টেছন মাষ্টৰ মালাকাৰে এই অভিযোগ খণ্ডন কৰে আনহাতে অহা ৩১ মাৰ্চলৈ বজাৰ নবহাবলৈ বিজেপিৰ নেতাসকলে ব্যৱসায়ীসকলক আহ্বান জনায়।

You might also like