৪৮ ঘণ্টাৰ ভিতৰত কণ্টেইনমেণ্ট জ’নৰ পৰা মুক্ত হ’বনে স্পেনিছ গাৰ্ডেন ?
নিয়মীয়া বাৰ্তা, ২৩ এপ্ৰিলঃ বৃহস্পতিবাৰে ৰাজ্যত প্ৰথমবাৰৰ বাবে ক’ৰোনা ৰেপিড টেষ্টিং সম্পন্ন কৰা হয় । মহানগৰীৰ অভিজাত স্পেনিছ গাৰ্ডেনৰ বাসিন্দ মনীষ তিব্ৰেৱাল ক’ৰোনাত আক্ৰান্ত হোৱাৰ পাচতেই সম্পূৰ্ণ ৰূপে ছীল কৰি দিয়া হৈছিল স্পেনিছ গাৰ্ডেন ।
অসম তথা ভাৰতত ক’ৰোনাৰ ৰেপিড টেষ্টিঙৰ ব্যৱস্থা লোৱাৰ পাচতেই বৃহস্পতিবাৰে অসমত প্ৰথমবাৰৰ বাবে এই ৰেপিড টেষ্টিঙেৰে পৰীক্ষা সম্পন্ন কৰা হয় স্পেনিছ গাৰ্ডেনত । ৰেপিড টেষ্টিঙৰ এই সময়ছোৱাত স্বাস্থ্যকৰ্মীসকলৰ লগতে উপস্থিত থাকে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা । স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে জনোৱা অনুসৰি আজি সৰ্বমুঠ ১০০ টেষ্ট সম্পন্ন কৰা হয় স্পেনিছ গাৰ্ডেনত । বৰ্তমানলৈকে অহা ফলাফল অনুসৰি প্ৰতিটো ফলাফলেই নিগেটিভ যদিও বৰ্তমানেও বহু ফলাফল আহিবলৈ বাকী ।
ৰেপিড টেষ্টিঙৰ পাচত স্পেনিছ গাৰ্ডেনৰ কোনো এজন লোকৰ শৰীৰতে যদি ক’ৰোনা অৱস্থিতি লাভ কৰা নাযায় তেন্তে অহা ৪৮ ঘণ্টাৰ ভিতৰত কণ্টেইনমেণ্ট জ’নৰ পৰা মুকলি কৰি দিয়া হ’ব স্পেনিছ গাৰ্ডেনক । স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমাধ্যমৰ আগত উল্লেখ কৰে এই কথা । অৱশ্যে কণ্টেইনমেণ্ট জ’নৰ পৰা মুকলি কৰিলেও লকডাউনৰ নীতি-নিৰ্দেশনা মানি চলিব লাগিব বুলিও কয় মন্ত্ৰীগৰাকীয়ে ।