ৰঙালীৰ সমূহ কাৰ্যসূচী বাতিলৰ আহ্বান সমন্বয়ৰক্ষী সমিতিৰ
নিয়মীয়া বাৰ্তা ১১ এপ্ৰিলঃ ক’ৰোনা ভাইৰাছৰ সংক্ৰমণক লৈ দেশত উদ্ভৱ হোৱা সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এইবেলি গুৱাহাটী ৰঙালী বিহুৰ কাৰ্যসূচী বাতিল কৰিবলৈ বিহু সমিতিসমূহক আহ্বান জনাইছে সদৌ অসম বিহু সন্মিলনীৰ সমন্বয়ৰক্ষী সমিতিয়ে। সমিতিৰ
সভাপতি ড০ হৰেন দাস আৰু সম্পাদক কনক গোস্বামীয়ে এক বিবৃতিত কয় যে ক’ৰোনা মহামাৰীয়ে সমগ্ৰ বিশ্বত বিভীষিকাৰ সৃষ্টি কৰি মানৱদেহৰ লগতে পৃথিৱীত জীৱকূলৰ অস্তিত্বলৈ ভাবুকি কঢ়িয়াই আনিছে। সেই বিভীষিকাৰ ওচৰত বিজ্ঞান, বিজ্ঞানী আৰু চিকিৎসকে
এতিয়ালৈ হাৰ মানিবলৈ বাধ্য হৈছে। ক’ৰোনা প্ৰতিৰোধী ঔষধ, বেজী বা ছিটা উদ্ভাৱন কৰিব নোৱাৰি বিশ্বৰ বিজ্ঞানজগতত আজি নিঃসহায় হয় বুলি বিশ্বৰ চিকিৎসক আৰু বিজ্ঞানীসকল নিশ্চিত হৈছে। সমাজৰ কথা বাদেই পৰিয়ালৰ এজনে আনজনৰ লগত নিৰ্দিষ্ট শাৰীৰিক ব্যৱধান বা কায়িক দূৰত্ব ৰক্ষা কৰি চলিলেহে ভাইৰাছবিধৰ সংক্ৰমণ আৰু সংবৰ্ধন প্ৰতিহত কৰিব পাৰি বুলি বিশ্বৰ বিজ্ঞানী আৰু চিকিৎসকল নিশ্চিত হৈছে। তেনে এক ভয়াৱহ আৰু কালান্তক বাস্তৱ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত অসম আৰু অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুৰ ৰাজহুৱা সমূহ কাৰ্যসূচী বাতিল কৰি ৰাজ্যখনৰ লগতে জাতিৰ প্ৰতি উচিত সিদ্ধান্ত হ’ব বুলি বিবেচনা কৰি সমগ্ৰ অসমৰ বিহু সন্মিলনীসমূহক এই বছৰৰ বিহুৰ কাৰ্যসূচী বাতিল কৰিবলৈ আহ্বান জনায়।