নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজভৱনত ৰাজ্যপালৰ সচিবালয়–ডিজিটেল লাইব্রেৰী উদ্বোধন

নিয়মীয়া বাৰ্তা, ২০ ডিচেম্বৰঃ ৰাজভৱনত বৃহস্পতিবাৰে ৰাজ্যপালৰ সচিবালয় আৰু ডিজিটেল লাইব্রেৰী উদ্বোধন কৰা হয়৷ এই উপলক্ষে ৰাজভৱনত আয়োজিত এক অনুষ্ঠানত ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে আনুষ্ঠানিকভাৱে সচিবালয় আৰু ডিজিটেল লাইব্রেৰী মুকলি কৰে৷

২.০৫ কোটি টকা ব্যয়েৰে নির্মাণ কৰি উলিওৱা এই অত্যাধুনিক সচিবালয় আৰু লাইব্রেৰী উদ্বোধনী অনুষ্ঠানত ৰাজ্যপালৰ পত্নী প্রেম মুখী, মুখ্য সচিব আলোক কুমাৰ, ৰাজ্যপালৰ আয়ুক্ত সচিব সঞ্জীৱ কুমাৰ গোহাঁই বৰুৱা, উপায়ুক্ত বিশ্বজিৎ পেগু, গড়কাপ্ঢানী বিভাগৰ মুখ্য অভিযন্তা জ্যোতিষ শর্মাকে ধৰি ৰাজভৱনৰ বিষয়া–কর্মচাৰী আৰু গড়কাপ্ঢানী বিভাগৰ বহুকেইগৰাকী অভিযন্তা উপস্থিত থাকে৷

You might also like