১.৭৭ কোটি টকাৰ সোণসহ চোৰাং বেপাৰীক গ্রেপ্তাৰ
নিয়মীয়া বাৰ্তা, ১৭ আগষ্ট: আন্তঃৰাষ্ট্রীয় চোৰাং ব্যৱসায়ী চক্রৰ সুৰক্ষিত কৰিড’ৰত পৰিণত হৈছে গুৱাহাটী মহানগৰী৷ চুপাৰি, কয়লা, গৰু, চাউলৰ সমান্তৰালকৈ চুবুৰীয়া ৰাষ্ট্র ম্যানমাৰৰ পৰা গুৱাহাটীৰ মাজেৰে বহিঃৰাজ্যলৈ চোৰাং সোণৰ সৰবৰাহ কৰি আহিছে আন্তঃৰাষ্ট্রীয় চোৰাং সৰবৰাহকাৰী চক্রটোৱে৷
সীমা শুল্ক বিভাগে লাভ কৰা তথ্যৰ ভিত্তিত ১৪ আগষ্টত গুৱাহাটীৰ ডাউন টাউন হাস্পতালৰ সমীপত চোৰাং সোণসহ এজন সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ সীমা শুল্ক বিভাগে লাভ কৰা তথ্যৰ ভিত্তিত সঞ্জিত দাসৰ নেতৃত্বত যোৱা এটা দলে ডাউন টাউনৰ সমীপত ৰৈ থকা এখন চিটীবাছত অভিযান চলাই ৰাজপুত কেতন মান সিং নামৰ এজন লোকক ২২টা সোণৰ বিস্কুটসহ গ্রেপ্তাৰ কৰে৷ ধৃত মান সিঙৰ পৰা জব্দ কৰা সোণখিনিৰ বজাৰ মূল্য প্রায় ১.৭৭ কোটি টকা৷
শুল্ক বিভাগে জানিবলৈ দিয়া মতে ধৃত মান সিঙে ম্যানমাৰৰ পৰা নাগালেণ্ড হৈ গুৱাহাটীলৈ সোণখিনি আনিছিল৷ ধৃত মান সিঙে সোণখিনি কলকাতালৈ সৰবৰাহ কৰাৰ কথা আছিল৷ কলকাতাৰ এজন লোকৰ নির্দেশত ম্যানমাৰৰ পৰা এই সোণখিনি সৰবৰাহ কৰিছিল৷ গুৱাহাটীৰ মাছখোৱাৰ এটা ট্রেভেল এজেঞ্চীৰ জৰিয়তে সোণখিনি কলকাতালৈ ধৃত মানসিঙে সৰবৰাহ কৰাৰ কথা আছিল৷
লক্ষণীয় যে ম্যানমাৰৰ পৰা মণিপুৰ, নাগালেণ্ড, মেঘালয় হৈ গুৱাহাটীলৈ চোৰাং সৰবৰাহকাৰী চক্রটোৱে সোণৰ সৰবৰাহ অব্যাহত ৰাখিছে৷ সীমা শুল্ক বিভাগ আৰু আৰক্ষীৰ অভিযানত কোটি কোটি টকাৰ চোৰাং সোণসহ সৰবৰাহকাৰী গ্রেপ্তাৰ হৈছে যদিও আন্তঃৰাষ্ট্রীয় চোৰাং সৰবৰাহকাৰী চক্রটোৱে সোণৰ সৰবৰাহ অব্যাহত ৰাখিছে৷