নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১০ দিনত ১,২৪৮ আক্রান্তঃ সাতজনৰ মৃত্যু

নিয়মীয়া বাৰ্তা ৩০ অক্টোবৰঃ গুৱাহাটী মহানগৰীত পুনৰ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ক’ৰোনাৰ সংক্রমণ৷ প্রতিদিনে শতাধিক লোকৰ দেহত ধৰা পৰিছে ক’ৰোনাৰ উপস্থিতি৷ গুৱাহাটী মহানগৰীত উদ্বেগজনকভাৱে বৃদ্ধি পোৱা ক’ৰোনাৰ সংক্রমণৰ বাবেই মহানগৰ জিলা প্রশাসনে তিনিটা স্থানক মাইক্র’ কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে৷ ৰাজ্য চৰকাৰে ক’ৰোনাক লৈ গ্রহণ কৰা নৰম স্থিতিৰ বাবেই প্রতিদিনে মহানগৰীত ক’ভিডত আক্রান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ এন এইচ এমৰ তথ্য অনুসৰি বিগত ১০টা দিনত হাজাৰৰো অধিক লোক গুৱাহাটী মহানগৰীত ক’ৰোনাত আক্রান্ত হৈছে৷ ইয়াৰ ভিতৰত ১০জনৰো অধিক লোকৰ ক’ৰোনাত আক্রান্ত হৈ মৃত্যু হৈছে৷ ৰাজ্যৰ অন্যান্য প্রান্তৰ লগতে গুৱাহাটী মহানগৰীতো ভয়াৱহভাৱে বৃদ্ধি পোৱা ক’ৰোনাৰ সংক্রমণক লৈ উদ্বিগ্ণ হৈ পৰিছে মহানগৰ জিলা প্রশাসন৷ ক’ভিডৰ সংক্রমণ ৰোধৰ বাবে পুনৰ মহানগৰ জিলা প্রশাসনে ৰাজ্য চৰকাৰে জাৰি কৰা নির্দেশনা অনুসৰি কঠোৰ স্থিতি গ্রহণ কৰিব বুলি শুকুৰবাৰে সংবাদ মাধ্যমক জানিবলৈ দিছে জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে৷ ক’ভিডৰ সংক্রমণৰ হাৰ হ্রাস পোৱাত একাংশ অসচেতন লোকে নীতি–নির্দেশনা উলংঘাৰে যাতায়াত কৰি আহিছিল৷

 কিন্তু বিগত ১০টা দিনত গুৱাহাটী মহানগৰীত পুনৰ ক’ভিডৰ সংক্রমণ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ ক’ভিডৰ সংক্রমণৰ পৰা যাতে মহানগৰবাসীক ৰক্ষা কৰিব পাৰি, তাৰ প্রতি লক্ষ্য ৰাখি ক’ভিড নীতি–নির্দেশনা উলংঘাকাৰীৰ বিৰুদ্ধে পুনৰ কঠোৰ পদক্ষেপ গ্রহণ কৰাৰ সিদ্ধান্ত লৈছে মহানগৰ জিলা প্রশাসনে৷ চৰকাৰী নীতি–নির্দেশনা অনুসৰিয়েই কাইলৈৰ পৰা মহানগৰ জিলা প্রশাসনে ক’ভিড বিধি উলংঘা কৰা লোকসকলৰ বিৰুদ্ধে পুনৰ অভিযান আৰম্ভ কৰিব৷ ক’ভিড বিধি উলংঘা কৰি মাস্ক পৰিধান নকৰা লোকসকলে ৫০০ টকাৰ জৰিমনা ভৰিব লাগিব৷ ক’ভিড পৰিস্থিতি কিছু উন্নত হোৱাত জিলা প্রশাসনে চৰকাৰী নীতি–নির্দেশনা উলংঘা কৰা লোকসকলৰ বিৰুদ্ধে কিছু নৰম স্থিতি গ্রহণ কৰিছিল৷ কিন্তু মহানগৰীত পুনৰ ক’ভিডত আক্রান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱাত চৰকাৰী নীতি–নির্দেশনা উলংঘা কৰা লোকসকলৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্রহণ কৰিবলৈ বাধ্য হোৱা বুলি মহানগৰ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে জানিবলৈ দিছে৷ যদিহে ক’ভিড বিধি উলংঘা কৰে, তেন্তে চৰকাৰী নীতি–নির্দেশনা অনুসৰি সেইসকল লোকৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰা হ’ব৷

প্রাপ্ত তথ্য অনুসৰি যোৱা ১৯ অক্টোবৰত গুৱাহাটী মহানগৰীত ১৫২জন লোক ক’ৰোনাত আক্রান্ত হৈছিল৷ একেদৰে ২০ অক্টোবৰত ১০৯জন, ২১ অক্টোবৰত ১৪৭জন, ২২ অক্টোবৰত ১১৫জন, ২৩ অক্টোবৰত ৮৮জন, ২৪ অক্টোবৰত ৪৩জন, ২৫ অক্টোবৰত ১০৪জন, ২৬ অক্টোবৰত ১৬২জন, ২৭ অক্টোবৰত ৭৫জন, ২৮ অক্টোবৰত ১৪১জন আৰু ২৯ অক্টোবৰত ১১২জন লোক ক’ৰোনাত আক্রান্ত হৈছে৷ এন এইচ এমে প্রকাশ কৰা তথ্য অনুসৰি বিগত ১০টা দিনত সর্বমুঠ ১২৪৮ জন লোক কৰোনাত আক্রান্ত হোৱাৰ বিপৰীতে ৭জন লোকৰ মৃত্যু হৈছে গুৱাহাটী মহানগৰীত৷ ৰাজ্য চৰকাৰে জাৰি কৰা ক’ভিড নীতি–নির্দেশনা উলংঘা কৰি মাস্ক পৰিধান নকৰা, সামাজিক দূৰত্ব মানি নচলাকৈ মহানগৰবাসীয়ে চলাচল কৰাত ক’ৰোনাৰ সংক্রমণ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে৷ সেয়েহে মহানগৰ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে ক’ভিড বিধি মানি চলা–ফিৰা কৰিবলৈ আহ্বান জনাইছে৷ উল্লেখ্য যে জিলা প্রশাসনে মহানগৰীত সকলোকে ভেকচিন প্রদানৰ লক্ষ্যৰে ১২৩টা কেন্দ্রত ভেকচিন প্রদানৰ ব্যৱস্থা কৰিছিল৷ প্রথম পর্যায়ত মহানগৰ জিলা প্রশাসনে ১২.৩৮ লাখ লোকক প্রথম পালি ভেকচিন দিছিল৷ ইয়াৰ বিপৰীতে এতিয়ালৈকে মহানগৰ জিলা প্রশাসনে মাত্র ৮.৪ লাখ লোককহে দ্বিতীয় পালি ভেকচিন দিবলৈ সক্ষম হৈছে৷ এতিয়াও মহানগৰীত ১০০ শতাংশ ভেকচিন প্রদানৰ কাম সম্পূৰ্ণ কৰিব পৰা নাই প্ৰশাসনে।

You might also like