নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রৱঞ্চক নৱজ্যোতি ডেকাক গ্রেপ্তাৰ আৰক্ষীৰ

ৰাজ্যিক জৈৱ–বৈচিত্র্য পৰিষদৰ ২৫.৫ লাখ টকা আত্মসাৎ

নিয়মীয়া বাৰ্তা ৩০ অক্টোবৰঃ ৰাজ্যিক জৈৱ–বৈচিত্র্য পৰিষদৰ বেংক একাউণ্টৰ পৰা জাল চহীৰে ২৫.৫ লাখ টকা উলিয়াই আত্মসাৎ কৰা প্রৱঞ্চক নৱজ্যোতি ডেকা (২৪)ক শুকুৰবাৰে দিছপুৰ আৰক্ষীয়ে গ্রেপ্তাৰ কৰে৷ আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ৰাজ্যিক জৈৱ–বৈচিত্র্য পৰিষদৰ ইউ বি আই বেংকৰ একাউণ্টৰ পৰা অকর্তৃত্বশীলভাৱে জাল চহীৰে নৱজ্যোতি ডেকাই ২৫.৫ লাখ টকা উলিয়াই নিছিল৷ যোৱা ২২ অক্টোবৰত মজিবুৰ ৰহমানৰ চহী জাল কৰি ইউ বি আই বেংকৰ পৰা এই বিশাল পৰিমাণৰ ধন উলিয়াই নিয়া ঘটনা সন্দর্ভত দিছপুৰ থানাত এজাহাৰ দাখিল কৰিছিল পৰিষদৰ বিষয়া পৱন কুমাৰে৷ উক্ত এজাহাৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধিৰ ৪২০/৪৬৮/৪৭১ ধাৰাৰ অধীনত দিছপুৰ থানাত ৩৮৭১/২০২১ নম্বৰত এটা গোচৰ ৰুজু কৰে৷ উক্ত গোচৰটোৰ ভিত্তিত দিছপুৰ আৰক্ষীয়ে তদন্ত চলাই বাঘৰবড়ীৰ পৰা প্রৱঞ্চক নৱজ্যোতিক গ্রেপ্তাৰ কৰে৷ আজি প্রৱঞ্চক নৱজ্যোতিক আদালতত হাজিৰ কৰাই দিছপুৰ আৰক্ষীয়ে তিনি দিনৰ জিম্মাত লয়৷

You might also like