১৮ নং ৱার্ডঃ পথৰ ওপৰত ট্রেন্সফর্মাৰক লৈ শংকিত বাসিন্দা
নিয়মীয়া বাৰ্তা ১৩ জুলাইঃ উলুবাৰীৰ পৰা ফিছফেডৰ কার্যালয় হৈ বিৰুবাৰীলৈ যোৱা ৰূপনগৰ পথত চাৰিটাকৈ উচ্চ ক্ষমতাসম্পন্ন বিদ্যুতৰ ট্রেন্সফর্মাৰ এপিডিচিএলে সংস্থাপন কৰিছে৷ মূল পথৰ একাংশ দখল কৰি বিদ্যুতৰ ট্রেন্সমর্ফাৰ সংস্থাপন কৰাত পথচাৰীসকলে যাতায়াতৰ ক্ষেত্রত ভীষণ সমস্যাৰ সন্মুখীন হৈছে৷ সদাব্যস্ত পথছোৱাৰ কাষত সংস্থাপন কৰা ট্রেন্মফর্মাৰৰ পৰা বিদ্যুতৰ তাঁৰ নলাত পৰি থকাৰ পিছতো শক্তি বিভাগৰ দৃষ্টিগোচৰ হোৱা নাই৷ আনকি কেইবাটাও ট্রেন্সফর্মাৰ হাবি–জংঘলে ঘেৰি ধৰিছে৷ পথৰ দাঁতিত সংস্থাপন কৰা এইসমূহ ট্রেন্সফর্মাৰৰ পৰা যিকোনো সময়ত ভয়ংকৰ অঘটনৰ আশংকাই দেখা দিছে৷