নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩০জনতকৈ অধিক ভক্তই প্রৱেশ কৰিব নোৱাৰিব মণ্ডপত

গুৱাহাটীত দুর্গাপূজা উদ্যাপনৰ নির্দেশনা প্রশাসনৰ

নিয়মীয়া বাৰ্তা ১৬ অক্টোবৰঃ  শাৰদীয় দুর্গোৎসৱলৈ মাজত মাথোঁ এসপ্তাহ সময় বাকী থকা অৱস্থাত দুর্গাপূজা উদ্যাপনৰ ক্ষেত্রত কেতবোৰ নীতি–নির্দেশনা জাৰি কৰিছে ৰাজ্য চৰকাৰে৷ বৃহস্পতিবাৰে মহানগৰীত ক’ভিড–১৯ৰ সংক্রমণৰ মাজত কিদৰে দুর্গাপূজা উদ্যাপন কৰিব লাগিব, সেই ক্ষেত্রত কামৰূপ মহানগৰ জিলা প্রশাসনে কেতবোৰ বিশেষ নির্দেশনা জাৰি কৰিছে৷ সেই অনুসৰি ৰাজ্য চৰকাৰ আৰু স্বাস্থ্য বিভাগে প্রকাশ কৰা নীতি–নির্দেশনাসমূহ মহানগৰীৰ পূজা কমিটীসমূহে কঠোৰভাৱে মানি চলিব লাগিব৷ সেই অনুসৰি আহল–বহলকৈ নির্মাণ কৰিব লাগিব পূজা মণ্ডপসমূহ৷ এই পূজা মণ্ডপসমূহত একে সময়তে ৩০জনতকৈ অধিক ভক্তৰ সমাগম হ’ব নালাগিব৷ প্রৱেশ আৰু প্রস্থানৰ বাবে পূজা কমিটীসমূহে ৰাখিব লাগিব সুকীয়া সুকীয়া পথ৷ ইপিনে, আজিৰ সভাতে পূজা উদ্যাপন কমিটীসমূহে নিজ নিজ অঞ্চলৰ উপ–আৰক্ষী আয়ুক্তৰ পৰা যাৱতীয় অনুমতি ল’ব লাগিব বুলি স্পষ্ট কৰি দিয়ে৷ মহানগৰ জিলা প্রশাসনৰ উদ্যোগত অনুষ্ঠিত সভাখনত গুৱাহাটী আৰক্ষীৰ যুটীয়া আয়ুক্ত দেৱৰাজ উপাধ্যায়ে কয় যে আৰক্ষীৰ পৰা অনুমোদন লোৱাৰ সময়ত প্রতিখন পূজা কমিটীক জিলা প্রশাসনৰ নীতি–নির্দেশৰ লগতে আৰক্ষী বিভাগৰ নির্দেশনাসমূহ সদৰী কৰা হ’ব৷ আনহাতে, দেৱী বিসর্জনৰ ক্ষেত্রতো বান্ধি দিয়া হৈছে কেতবোৰ নির্দিষ্ট নিয়ম৷ দেৱী বিসর্জনৰ সময়ত পূজা কমিটীসমূহে উলিয়াব নোৱাৰিব কোনোধৰণৰ শোভাযাত্রা৷ সেইদৰে দেৱী বিসর্জন দিয়াৰ বাবে সর্বাধিক ১০জন ব্যক্তিহে উপস্থিত থাকিব পাৰিব৷ কামৰূপ মহানগৰ জিলাৰ কাছমাৰী, সোণাপুৰ, আজাৰা, পাণ্ডু, শুৱালকুছি আৰু চূণচালিত দেৱী বিসর্জনৰ ব্যৱস্থা কৰিব৷ এইবাৰ পূজা কমিটীসমূহে নিজৰ ইচ্ছা অনুসৰি যিকোনো ঘাটত প্রতিমা বিসর্জন দিব নোৱাৰিব৷ আজিৰ সভাত সদৰী কৰা অনুসৰি পূজা কমিটীসমূহে সংশ্লিষ্ট অঞ্চলৰ সমীপৱর্তী ঘাটতহে দেৱী বিসর্জন দিব পাৰিব৷ সেইদৰে ৰাজ্য চৰকাৰে বান্ধি দিয়া নিয়ম অনুসৰি পূজা কমিটীসমূহৰ স্বেচ্ছাসেৱক, প্রতিগৰাকী সদস্য আৰু পূজাৰীয়ে ষষ্ঠীৰ আগদিনা আৰু দশমীৰ পিছদিনা কৰিব লাগিব ক’ভিড–১৯ৰ পৰীক্ষা৷ পূজাৰ বাবে কৰা আবেদনৰ সময়ত কমিটীৰ সদস্য আৰু স্বেচ্ছাসেৱকসকলৰ নামৰ তালিকা আৰক্ষীক দাখিল কৰিব লাগিব৷ শাৰদীয় দুর্গোৎসৱৰ লগত সংগতি ৰাখি আয়োজন কৰিব নোৱাৰিব কোনো সাংস্কৃতিক কার্যসূচী৷ পূজা মণ্ডপৰ আশে–পাশে অস্থায়ী দোকান–পোহাৰ আদি বহিবলৈ অনুমতি প্রদান কৰিব নোৱাৰিব৷ উল্লেখ্য যে গুৱাহাটীৰ জিলা পুথিভঁৰাল প্রেক্ষাগৃহত আয়োজিত এই সভাখনত জিলা প্রশাসন, মহানগৰ আৰক্ষী, গুৱাহাটী পৌৰ নিগম, ৰাজ্যিক প্রদূষণ নিয়ন্ত্রণ পৰিষদ, এ পি ডি চি এল, দুর্যোগ প্রশমন আদি বিভাগৰ বিষয়াসকল উপস্থিত থাকে৷ গুৱাহাটী মহানগৰীৰ দুর্গাপূজা উদ্যাপন কমিটীসমূহৰ প্রতিনিধিয়েও এই সভাত অংশগ্রহণ কৰে৷ ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ বাবে সৃষ্টি হোৱা পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি নিশা ১০ বজাৰ ভিতৰত পূজাথলীসমূহ খালী কৰিবলৈও নির্দেশ দিছে মহানগৰ প্রশাসনে৷ পূজাৰ দিনকেইটাত দুচকীয়া বাহনত দুজন লোক উঠিব নোৱাৰিব৷ অৱশ্যে মহিলা আৰু ১৫ বছৰৰ তলৰ শিশুৰ বাবে এইক্ষেত্রত শিথিলতা থাকিব৷ এই সভাখনত পৌৰ নিগমৰ আয়ুক্ত ঘনশ্যাম দাস, কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত চিন্ময় নাথ, অগ্ণিনির্বাপণ আৰু জৰুৰীকালীন সেৱা বিভাগৰ উপ–সঞ্চালক জয়শ্রী খেৰছাসহ বহুসংখ্যক উচ্চস্তৰীয় বিষয়ববীয়া উপস্থিত থাকে৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে দুর্গাপূজা উদ্যাপনৰ ক্ষেত্রত ৰাজ্যৰ ভিতৰতে আগস্থান লাভ কৰি আহিছে মহানগৰীয়ে৷ গুৱাহাটীত লাখ লাখ টকা ব্যয়েৰে নির্মাণ কৰা হয় আটক ধুনীয়া পূজা মণ্ডপ৷ এইবাৰ ক’ভিড–১৯ৰ সংক্রমণৰ বাবে মহানগৰীত নাই পূজাৰ ব্যস্ততা৷

You might also like