নিয়মীয়া বাৰ্তা ২১ আগষ্টঃ গুৱাহাটী পৌৰ নিগমত বক্রপথেৰে নিযুক্তি লাভ কৰা ৪০গৰাকীকৈ অস্থায়ী কর্মচাৰীক আজি এক নির্দেশনাযোগে চৰকাৰে চাকৰিৰ পৰা বর্খাস্ত কৰে৷ অস্থায়ীভাৱে নিযুক্তি পোৱা এই ৪০গৰাকী কর্মচাৰীক তদানীন্তন মন্ত্রী সিদ্ধার্থ ভট্টাচার্য আৰু পৌৰ আয়ুক্ত দেৱজ্যোতি হাজৰিকাই বক্রপথেৰে নিযুক্তি দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছিল৷
এই অভিযোগ উত্থাপন হোৱাৰ পিছতে নিযুক্তি প্রক্রিয়াক লৈ তদন্ত কমিটী গঠন কৰা হৈছিল৷ তদন্ত কমিটীৰ পৰা লাভ কৰা প্রতিবেদনৰ ভিত্তিতে ৪০গৰাকীকৈ অস্থায়ী কর্মচাৰীক আজি চৰকাৰে এক নির্দেশনাযোগে চাকৰিৰ পৰা বর্খাস্ত কৰে৷
ইফালে, পৌৰ নিগমত বক্রপথেৰে নিযুক্তি লাভ কৰা ৪০গৰাকী অস্থায়ী কর্মচাৰীক নিলম্বন কৰাত চৰকাৰ আৰু পৌৰ নিগমক ধন্যবাদ জ্ঞাপন কৰিছে সদৌ অসম হৰিজন মজদুৰ ইউনিয়নৰ সাধাৰণ সম্পাদক দীননাথ বাছফৰে৷ লগতে ভৱিষ্যতে পৌৰ নিগমত নিযুক্তিৰ ক্ষেত্রত যাতে দুর্নীতি নহয়, তাৰ বাবে বাছফৰে চৰকাৰক আহ্বান জনায়৷