৫ জানুৱাৰীত প্রকাশ পাব পূর্ণাংগ ভোটাৰ তালিকা
মহানগৰ জিলাৰ ৪ সমষ্টিৰ ফটোযুক্ত খচৰা ভোটাৰ তালিকা প্রকাশ
নিয়মীয়া বাৰ্তা ২ নৱেম্বৰঃ কামৰূপ মহানগৰ জিলাৰ চাৰিটা বিধানসভা সমষ্টি ক্রমে ৫১নং জালুকবাৰী, ৫২নং দিছপুৰ, ৫৩নং পূব গুৱাহাটী আৰু ৫৪নং পশ্চিম গুৱাহাটী সমষ্টিৰ ফটোযুক্ত ভোটাৰ তালিকা সোমবাৰে প্রকাশ কৰা হৈছে৷ এই সন্দর্ভত কিবা ওজৰ–আপত্তি থাকিলে আজিৰে পৰা ৩০ নৱেম্বৰৰ ভিতৰত আবেদনকাৰীয়ে আবেদন কৰাৰ লগতে ওজৰ–আপত্তি দর্শাব পাৰিব৷ সাধাৰণ ভোটাৰ তথা আবেদনকাৰীয়ে কৰা আবেদনৰ ভিত্তিত ২০ ডিচেম্বৰৰ ভিতৰত ওজৰ–আপত্তিসমূহ নিষ্পত্তি কৰাৰ লগতে ২০২২ চনৰ ৫ জানুৱাৰীত ফটোযুক্ত পূর্ণাংগ ভোটাৰ তালিকা প্রকাশ কৰা হ’ব৷ তদুপৰি জিলা নির্বাচনী কার্যালয়ত ওজৰ–আপত্তি দর্শোৱাৰ বাবে বিশেষ দিন জিলা নির্বাচনী বিষয়াই ধার্য কৰিব৷
কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে এখন সংবাদ মেল সম্বোধন কৰি আজি এই কথা সদৰী কৰে৷ ইতিমধ্যে প্রকাশিত ফটোযুক্ত খচৰা ভোটাৰ তালিকা অনুসৰি, ৫১নং জালুকবাৰী বিধানসভা সমষ্টিত ২৪৩টা ভোটকেন্দ্রত মুঠ ভোটাৰৰ সংখ্যা ২,০৪,৫২৩৷ ইয়াৰে ১,০০,৪১৩ পুৰুষ ভোটাৰৰ বিপৰীতে ১,০৪,০৯৯ মহিলা আৰু ১১গৰাকী তৃতীয় লিংগৰ ভোটাৰ আছে৷ একেদৰে ৫২নং দিছপুৰ বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা হৈছে ৪,১১,২৪৪৷ ইয়াৰে ২,০৩,৭৬৫ পুৰুষ আৰু ২,০৭,৪৬৬ মহিলা ভোটাৰৰ লগতে ১৩গৰাকী তৃতীয় লিংগৰ ভোটাৰ তালিকাখনত সন্নিৱিষ্ট কৰা হৈছে৷ ইপিনে, ৫৩নং পূব গুৱাহাটী সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা হৈছে ২,৩৯,০৬৮৷ ইয়াৰে ১,১৮,১২৭গৰাকী পুৰুষ আৰু ১,২০,৯৩১গৰাকী মহিলা ভোটাৰ৷ সমষ্টিটোত দহগৰাকী তৃতীয় লিংগৰ ভোটাৰ প্রকাশিত তালিকাখনত আছে৷ আনহাতে, ৫৪নং পশ্চিম গুৱাহাটী সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা হৈছে ২,৯৭,৪৮২গৰাকী৷ ইয়াৰে ১,৪৬,৮৩১গৰাকী পুৰুষ আৰু ১,৫০,৬৪৩ মহিলা ভোটাৰৰ বিপৰীতে ৮গৰাকী তৃতীয় লিংগৰ ভোটাৰ আছে৷ কামৰূপ মহানগৰ জিলাৰ ৪টা বিধানসভা সমষ্টিত মুঠ ১,২০৪টা ভোটকেন্দ্রত সর্বমুঠ ভোটাৰৰ সংখ্যা হৈছে ১১,৫২,৩১৭গৰাকী৷
ইয়াৰে ৫,৬৯,১৩৬ পুৰুষ আৰু ৫,৮৩,১৩৯গৰাকী মহিলা৷ প্রকাশিত তালিকা অনুসৰি, চাৰিটা বিধানসভা সমষ্টিত তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা হৈছে ৪২গৰাকী৷ খচৰা ভোটাৰ তালিকা সংশ্লিষ্ট সমষ্টিকেইটাৰ অন্তর্গত ৰাজহ চক্র বিষয়াৰ কার্যালয় আৰু জিলা উপায়ুক্ত কার্যালয়ৰ লগতে জিলা নির্বাচনী বিষয়াৰ কার্যালয়ত উপলব্ধ হ’ব৷ জালুকবাৰী সমষ্টিৰ ভোটাৰে আমিনগাঁওস্থিত উত্তৰ গুৱাহাটী ৰাজহ চক্রৰ কার্যালয়ত, দিছপুৰ সমষ্টিৰ ভোটাৰে বশিষ্ঠস্থিত দিছপুৰ ৰাজহ চক্রৰ কার্যালয়ত, পূব গুৱাহাটী বিধানসভা সমষ্টিৰ ভোটাৰে পাণবজাৰস্থিত গুৱাহাটী ৰাজহ চক্রৰ কার্যালয়ত আৰু পশ্চিম গুৱাহাটী সমষ্টিৰ ভোটাৰে আজাৰা ৰাজহ চক্রৰ কার্যালয়ত সবিশেষ তথ্য লাভ কৰিব বুলি জানিব পৰা গৈছে৷ উল্লেখ্য যে ২০২১ বর্ষত জালুকবাৰী সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা আছিল ২,০৪,৪১৫৷ ইয়াৰে ১,০০,৩৭৮গৰাকী পুৰুষ আৰু ১,০৪,০২৫গৰাকী মহিলাৰ উপৰি ১২গৰাকী তৃতীয় লিংগৰ ভোটাৰ আছিল৷ একেদৰে দিছপুৰ বিধানসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা আছিল ৪,১১,৬৩৬গৰাকী৷ ইয়াৰে ২,০৪,১৩৪গৰাকী পুৰুষ, ২,০৭,৪৮৯গৰাকী মহিলা আৰু ১৩গৰাকী তৃতীয় লিংগৰ ভোটাৰ আছিল৷ একেদৰে পূব গুৱাহাটী বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা আছিল ২,৩৯,৫০৪গৰাকী৷ ইয়াৰে ১,১৮,৩৮৫ পুৰুষ, ১,২১,১১২গৰাকী মহিলা আৰু ১১গৰাকী তৃতীয় লিংগৰ ভোটাৰ আছিল৷ পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিত যোৱা বছৰ মুঠ ভোটাৰৰ সংখ্যা আছিল ২,৯৬,৯২৮গৰাকী৷ ইয়াৰে ১,৪৬,৫৪০ পুৰুষ, ১,৫০,৩৮০গৰাকী মহিলা আৰু ৮গৰাকী তৃতীয় লিংগৰ ভোটাৰ আছিল৷