নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত কাল–ক’ৰোনাৰ সংহাৰত ৬৫২গৰাকীৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ৭ মেঃ ক’ৰোনা মহামাৰীয়ে গুৱাহাটীত ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷ ক’ৰোনাৰ যুদ্ধভূমি গুৱাহাটী মহানগৰীত এতিয়া মাথোঁ মৃত্যুৰ কিৰিলী৷ বিশ্বজুৰি ত্রাস সৃষ্টি কৰা ক’ৰোনাৰ কাল সংহাৰে গুৱাহাটী মহানগৰীত এতিয়ালৈকে প্রাণ ল’লে ৬৫২গৰাকীৰ৷ বিগত বর্ষৰ ৭ মে’ত গুৱাহাটী মহানগৰীত ক’ভিডত আক্রন্ত হৈ প্রথমগৰাকী ৰোগীৰ মৃত্যু হৈছিল৷ বি বৰুৱা কেন্সাৰ হাস্পতালৰ চৌহদত বাস কৰা দীপিকা নাথ নামৰ ১৬ বছৰীয়া কিশোৰীগৰাকীৰ মৃত্যুৰ পিছৰে পৰা বিগত বর্ষটোত সর্বমুঠ ৫১১গৰাকী লোকে ক’ভিড–১৯ত আক্রান্ত হৈ মৃত্যুক সাবটি লৈছিল৷ ৰাজ্য চৰকাৰ, স্বাস্থ্য বিভাগ আৰু জিলা প্রশাসনৰ প্রচেষ্টাত ক’ৰোনা মহামাৰীত আক্রান্ত আৰু মৃত্যু হোৱা লোকৰ সংখ্যা ক্রমান্বয়ে হ্রাস পাইছিল যদিও চলিত বর্ষৰ এপ্রিল মাহৰ পৰা ক’ৰোনাই গুৱাহাটী মহানগৰীত ভয়াৱহ ৰূপ লয়৷ বিগত দহটা দিনত গুৱাহাটী মহানগৰীত ক’ভিড–১৯ত আক্রান্ত লোকৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পোৱা পৰিলক্ষিত হয়৷ ২৬ এপ্রিলত গুৱাহাটীত ১,১৫৩গৰাকী আক্রান্ত হোৱাৰ বিপৰীতে ৮গৰাকী লোকৰ মৃত্যু হয়৷ ২৭ এপ্রিলত ১,৩১৩গৰাকী আক্রান্ত হোৱাৰ বিপৰীতে ৫গৰাকীৰ মৃত্যু হয়৷ ২৮ এপ্রিলত ১,২০৬গৰাকী লোক আক্রান্ত হোৱাৰ বিপৰীতে ৬গৰাকীৰ মৃত্যু হয়৷ একেদৰে ২৯ এপ্রিলত ১২৯গৰাকী লোক আক্রান্ত হোৱাৰ বিপৰীতে ১৫গৰাকীৰ মৃত্যু হয়৷ ৩০ এপ্রিলত ১,১৮৪গৰাকী আক্রান্ত হোৱাৰ বিপৰীতে ৮গৰাকীৰ মৃত্যু হয়৷ ১ মে’ত ১,৪১৭গৰাকী আক্রান্ত হোৱাৰ বিপৰীতে ৯গৰাকীৰ মৃত্যু হয়, ২ মে’ত ১,০৯৯গৰাকী আক্রান্ত হোৱাৰ বিপৰীতে ১২গৰাকীৰ মৃত্যু হয়, ৩ মে’ত ১,৬৪৫গৰাকী আক্রান্ত হোৱাৰ বিপৰীতে ১৩গৰাকীৰ মৃত্যু হয়, ৪ মে’ত ১,৪১৭গৰাকী আক্রান্তৰ বিপৰীতে ১৫গৰাকীৰ মৃত্যু হয় আৰু ৫ মে’ত ১,৩৮৩গৰাকী আক্রান্ত হোৱাৰ বিপৰীতে ১৮গৰাকী ক’ভিড ৰোগীৰ গুৱাহাটী মহানগৰীত মৃত্যু হয়৷ তথ্য অনুসৰি চলিত বর্ষৰ ৪ জানুৱাৰীত মিথুন ঘোষ আৰু চালেমা বেগম নামৰ দুগৰাকী ক’ভিড ৰোগীৰ মৃত্যু হৈছিল৷ ইয়াৰ পিছত ২২, ২৪ আৰু ৩০ জানুৱাৰীতো ক’ভিড আক্রান্ত লোকৰ মৃত্যু হৈছিল৷ একেদৰে ফেব্রুৱাৰী আৰু মার্চ মাহতো ক’ৰোনাত আক্রান্ত লোকৰ মৃত্যু হৈছিল যদিও ক’ভিড–১৯এ ভয়াৱহ ৰূপ লোৱা নাছিল৷ এপ্রিল মাহৰ মাজভাগৰ পৰাই ক’ৰোনা ভাইৰাছে গুৱাহাটী মহানগৰীত ভয়াৱহ ৰূপ ধাৰণ কৰে৷ যাৰ ফলত কামৰূপ মহানগৰ জিলাত ৮টাকৈ ৱার্ডত সর্বাধিক লোক ক’ভিডত আক্রান্ত হয়৷ ক’ৰোনা ভাইৰাছে যাতে গণসংক্রমণ ৰূপ ল’ব নোৱাৰে তাৰ প্রতি লক্ষ্য ৰাখি কামৰূপ মহানগৰ জিলা প্রশাসনে ৪ শতাধিক ক’ভিড আক্রান্ত ৰোগী থকা ২৮, ১৬ আৰু ৮ নং ৱার্ডক আজি বিয়লি ২ বজাৰ পৰা ১৪ দিনৰ বাবে কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিবলৈ বাধ্য হয়৷ ক’ভিডৰ ভয়াৱহ পৰিস্থিতি নিয়ন্ত্রণৰ বাবে জিলা প্রশাসনে ব্যৱস্থা গ্রহণ কৰিছে যদিও মহানগৰীত ক’ভিডত আক্রান্ত ৰোগীৰ সংখ্যা হ্রাস পোৱা নাই৷ আজিৰ দিনটোত গুৱাহাটীত ১,৩৫৩গৰাকী লোক ক’ভিডত আক্রান্ত হোৱাৰ তথ্য পোহৰলৈ আহিছে৷

You might also like