নিয়মীয়া বাৰ্তা ৭ জানুৱাৰীঃ গুৱাহাটী মহানগৰীত বসবাস কৰা লোকসকলে সন্মুখীন হৈ অহা সমস্যাসমূহৰ ভিতৰত অন্যতম গুৰুত্বপূর্ণ সমস্যা হৈছে কৃত্রিম বান৷ মহানগৰবাসীক কৃত্রিম বানমুক্ত কৰাৰ লক্ষ্যৰে গুৱাহাটী পৌৰ নিগম কর্তৃপক্ষই লৈছে অভিলাষী আঁাঁচনি৷ ৮.৯ কোটি টকা ব্যয়েৰে লোৱা এই আঁচনিৰ অধীনত মহানগৰীৰ মাজেৰে বৈ যোৱা বাহিনী, ভৰলু, মৰাভৰলু, লখিমীজান আৰু বশিষ্ঠ নৈৰ খননকার্য আৰম্ভ কৰিছে৷ মহানগৰীৰ মাজেৰে বৈ যোৱা এই নৈকেইখনত পৌৰ নিগমে নিজাববীয়াকৈ খননকার্য চলাই আহিছে৷ মহানগৰীৰ নলা–নর্দমাসমূহৰ পৰা বাৰিষাৰ সময়ছোৱাত যাতে পানী সহজতে ওলাই গৈ ব্রহ্মপুত্রত পৰিব পাৰে তাৰ লক্ষ্যৰে এই খননকার্য অব্যাহত ৰাখিছে৷ ইয়াৰ উপৰি পৌৰ নিগম কর্তৃপক্ষই অত্যাধুনিক ছুপাৰ চকাৰ মেচিনেৰে মহানগৰীৰ বিভিন্ন স্থানৰ নলা–নর্দমাসমূহ পৰিষ্কাৰ কৰি অহা পৰিলক্ষিত হৈছে৷ ৮.৯ কোটি টকা ব্যয়েৰে বাহিনী, ভৰলু, মৰাভৰলু, লখিমীজান আৰু বশিষ্ঠ নৈৰ আঠটা স্থানত প্রতিদিনে পৌৰ নিগম কর্তৃপক্ষই ৮খন ফকলেণ্ডেৰে খননকার্য অব্যাহত ৰাখিছে৷
পৌৰ নিগম কর্তৃপক্ষই নৈকেইখনত খননকার্য অব্যাহত ৰাখিছে যদিও নদীৰ দুয়োকাষে মথাউৰি নির্মাণ কৰি বোকা মাটি মজুত কৰিছে বুলি মহানগৰবাসীয়ে অভিযোগ উত্থাপন কৰিছে৷ এনেদৰে নৈৰ মাজভাগ খান্দি নদীতে মথাউৰি নির্মাণ কৰাত বাৰিষা পুনৰ এই মাটিখিনি নৈত পোত যাব৷ সেয়েহে মহানগৰবাসীয়ে বিগত বর্ষসমূহৰ দৰে এইবাৰো পুনৰ কৃত্রিম বানত জলা–কলা খাব লাগিব বুলি সচেতন লোকসকলে মতপোষণ কৰিছে৷ নৈতে মথাউৰি নির্মাণ কৰা বিষয়টো গুৰুত্বসহকাৰে গ্রহণ কৰিবলৈ পৌৰ নিগম কর্তৃপক্ষক আহ্বান জনাইছে মহানগৰবাসীয়ে৷ নৈত মথাউৰি নির্মাণ কৰা বিষয়টো সন্দর্ভত পৌৰ নিগমৰ শীর্ষ বিষয়াই জানিবলৈ দিয়া মতে, বোকা মাটিখিনি লগে লগে ডাম্পাৰত উঠাই নিয়াত বিভিন্ন অসুবিধা আছে৷ সেয়েহে নৈৰ কাষত এনেদৰে বোকা মাটি দ’মাই থোৱা হৈছে৷ বোকা মাটিখিনি টান হোৱাৰ পিছতে পৌৰ নিগমে সুবিধা অনুযায়ী নিশাৰ ভাগত মাটিখিনি উঠাই নি আন স্থানত পেলাই আহিছে৷ মহানগৰীৰ নৈসমূহত চলি থকা খননৰ পাছত ওলোৱা বোকা মাটি আৰু প্লাষ্টিকৰ আৱর্জনা নৈৰ বুকুৰ পৰা পৌৰ নিগমে পৰিষ্কাৰ কৰিব বুলি স্পষ্ট কৰি দি ৰাইজক এইক্ষেত্রত উদ্বিগ্ণ নহ’বলৈ আহ্বান জনায়৷ লগতে যিসমূহ স্থানত গাড়ীৰে বোকা মাটি পৰিষ্কাৰ কৰিব নোৱাৰে সেই স্থানত শ্রমিক লগাই পৰিষ্কাৰ কৰিব বুলিও জানিবলৈ দিয়ে৷