নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰীত আধাৰ কার্ড হ’ব সহজলভ্য, শীঘ্রে এই ২৮ বিদ্যালয়ত স্থাপন হ’ব আধাৰ কেন্দ্র

নিয়মীয়া বাৰ্তা, ১ নৱেম্বৰঃ শেহতীয়াকৈ আধাৰ কার্ডৰ বাবে সর্বসাধাৰণ ৰাইজে হাহাকাৰ কৰি থকাৰ সময়তে ইয়াক সহজলভ্য কৰাৰ উদ্দেশ্যে আধাৰ কেন্দ্রৰ সংখ্যা বৃদ্ধি কৰাৰ ব্যৱস্থা গ্রহণ কৰিছে কামৰূপ মহানগৰ জিলা প্রশাসনে৷ সেই অনুসৰি মহানগৰ জিলাত অন্তর্গত তথা ডিমৰীয়া শিক্ষা খণ্ডৰ অধীনস্থ ২৮খন চৰকাৰী বিদ্যালয়ত আধাৰ কেন্দ্র স্থাপনৰ কথা ঘোষণা কৰিছে৷

এই সম্পর্কত আনকি উপায়ুক্তই ২৮ অক্টোবৰত কে এ কে (এম) ১/২০১৮/ পিএল/৬০০ নম্বৰত এক নির্দেশযোগে জিলাখনৰ ২৮খন বিদ্যালয়ৰ নাম প্রকাশ কৰিছে৷

নির্দেশটোত আধাৰ কেন্দ্র হিচাপে নির্দিষ্ট বিদ্যালয়কেইখন হৈছে বোন্দা আঞ্চলিক হাইস্কুল, শ্বহীদ কুশল কোঁৱৰ হাইস্কুল, চন্দ্রপুৰ হাইস্কুল, পাণবাৰী হাইস্কুল, পশ্চিম মায়ং হাইস্কুল, স্বর্ণ বিদ্যাপীঠ হাইস্কুল, হহৰা হাইস্কুল, কে টি আৰ মেম’ৰিয়েল এম ই স্কুল, কমলাজাৰী হাইস্কুল, সোণাপুৰ হায়াৰ ছেকেণ্ডাৰী স্কুল, শ্রীসত্যসাই ছোৱালী হাইস্কুল, ডিমৰীয়া হাইস্কুল, বগিবাৰী হাইস্কুল, গুমৰীয়া পথাৰ হাইস্কুল, কমাৰকুছি হাইস্কুল, ক্ষেত্রী হাইস্কুল, ক্ষেত্রী আদর্শ হাইস্কুল, মালয়বাৰী বালক বালিকা মাধ্যমিক বিদ্যালয়, মালাবাৰী হাইস্কুল, নৰতাপ এম ই স্কুল, চামতা হাইস্কুল, নাহৰগুৰিঘাট হায়াৰ ছেকেণ্ডাৰী স্কুল, দুৰুং আদর্শ হাইস্কুল, পূব ডিমৰীয়া হাইস্কুল, সোণাপুৰ ছিনিয়ৰ মাদ্রাছা, মিতনী ৰেৱা মহেশ্বৰী হাইস্কুল, ডিগাৰু হাইস্কুল আৰু তামুলিকুছি প্রাথমিক বিদ্যালয়৷

প্রাপ্ত তথ্য অনুসৰি একেটা নির্দেশৰ জৰিয়তে সংশ্লিষ্ট বিদ্যালয়কেইখনৰ দুগৰাকীকৈ শিক্ষকক কেন্দ্রৰ তত্বাৱধানত ভেৰিফায়াৰ হিচাপে নিযুক্তিও দিছে উপায়ুক্তই৷ ইতিমধ্যে নির্দিষ্ট বিদ্যালয়কেইখনলৈ নির্দেশ প্রেৰণ কৰিছে যদিও কেতিয়াৰ পৰা কাম–কাজ আৰম্ভ কৰিব তেনে কোনো কথা উল্লেখ কৰা নাই৷ অৱশ্যে ইয়াৰ দ্বাৰা আধাৰৰ নামত ৰাইজে সন্মুখীন হোৱা হাৰাশাস্তিৰ পৰা বহু পৰিমাণে হ্রাস হোৱাৰ উপৰি এচাম দালাল শ্রেণীৰ লোকৰ পৰা ৰক্ষা পাব সর্বসাধাৰণ৷

You might also like